নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা "মীৰাবাঈ"ৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা "মীৰাবাঈ"ৰ

চেঙাৰ পৰা সুৰজিৎ পাঠক

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিল্পী সমাজে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সময়তে অসমৰ এগৰাকী  জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰীয়ে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ থকাৰ মাজতে বৰপেটা জিলাৰ চেঙাত ভ্ৰাম্যমাণ থিয়েটাৰ হেঙুলৰ "মীৰাবাঈ"খ্যাত অভিনেত্ৰী প্ৰাঞ্জনা দত্তইও বিধেয়কখনক লৈ সৰৱ হৈ পৰিছে। হেঙুল থিয়েটাৰ চলি থকাৰ সময়তে সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কোনো কাৰণতে এই বিধেয়ক গৃহীত হ'ব নোৱাৰে বুলি কৈ এই বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থাকিব বুলি উল্লেখ কৰে।

আনহাতে, অসমীয়া ভাষাটোৱেই যদি  নাথাকে আমি কিহক লৈ নাটক কৰিম, গীত গাম বুলি প্ৰশ্ন তোলে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই। সেয়েহে আমি শিল্পী সমাজে এই বিধেয়ক বাতিল কৰিবলৈ উঠি-পৰি লাগিম বুলিও তীব্ৰ হুংকাৰ দিয়ে মীৰাবাঈখ্যাত প্ৰাঞ্জনা দত্তই। হেঙুল থিয়েটাৰৰ হিমাংশু প্ৰসাদ দাসৰ  "মীৰাবাঈ" নাটকখনে সমাজ সংস্কাৰৰ ক্ষেত্ৰত সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলি কৈ অভিনেত্ৰীগৰাকীয়ে পৰিয়ালৰ আটাইয়ে উপভোগ কৰিব পৰা "মীৰাবাঈ" এখন সুন্দৰ নাটক বুলি উল্লেখ কৰে।

Your Comments