কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি একত্ৰিত হ'ল দেশৰ বিৰোধী দলসমূ হৰনেতৃবৰ্গ৷ মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপীবিৰোধী মহাজোঁট গঠন কৰি বিজেপিক ক্ষমতাচ্যুত কৰাই আছিল আজিৰ এই ঐক্যবদ্ধ সমাবেশৰ উদ্দেশ্য৷ কলকাতাত অনুষ্ঠিত আজিৰ 'ভাৰত সমাবেশ' নামৰ এই বৃহৎ সমাবেশত অংশগ্ৰহণ কৰে নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা, তামিলনাডুৰ ডি এম কেৰ নেতা ষ্টেলিন, অৰুণ শোৰী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমনৌত চৰেণ, এন চি পিৰ নেতা শাৰদ পাৱাৰ, কংগ্ৰেছ নেতা অভিষেক মনু সিংভি আৰু মল্লিকাৰ্জুন খৰ্গে৷
বহুজন সমাজ পাৰ্টীৰ প্ৰতিনিধি সতীশ মিশ্ৰ, সমাজবাদীৰ পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অখিলেশ যাদৱ, প্ৰাক্তন প্ৰধা নমন্ত্ৰী এইচ ডি দেৱেগৌড়া, আপৰ নেতা অৰবিন্দ কেজৰিৱাল, ৰাষ্ট্ৰীয় জনতা দলৰ নেত্ৰী তথা লালু প্ৰসাদ যাদৱৰ জীয়ৰী তেজস্বী যাদৱ আদি নেতাসকলে৷ ভাৰতীয় ৰাজনীতিৰ এইসকল তাৰকা তথা মহা তাৰকাৰ উপস্থিতিত পুৱাৰে পৰা কলকাতাত ৰাজনীতিৰ গৰম বতাহ প্ৰৱাহিত হয়৷ পুৱাৰে পৰা সকলোৰে একেটাই বক্তব্য- বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ হ'লে সকলোৱে একগোট হৈ যুঁজিব লাগিব৷
ইয়াৰ মাজতে কলকাতাৰ পিছত পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে ৰণ অধিক সুসংহত কৰিবৰ বাবে দেশৰ বিভিন্ন এনে সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ ভাষণ প্ৰসংগত তেওঁ প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ 'এক্সপেয়াৰী ডেট' অৰ্থাৎ ম্যাদৰ তাৰিখ শেষ হৈ বুলিও মোডীক কটাক্ষ কৰে৷ আনহাতে, মহাজোঁটৰ প্ৰধান মন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰা হ'ব সেই সম্পৰ্কত মমতা বেনাৰ্জীয়ে প্ৰধান মন্ত্ৰী নিৰ্বাচনৰ পিছতো বাছনি কৰিব পৰা যাব বুলি উল্লেখ কৰি কয় যে এতিয়া মূল কথাটো হ'ল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাটো৷
লগতে তেওঁ আগন্তুক নিৰ্বাচনৰ শ্লোগান হিচাপে 'ভাল দিন বহুত হ'ল, বিজেপিক এইবাৰ বাদ দিবৰ হ'ল' বুলিও উল্লেখ কৰে৷ আজিৰ সমাবেশত উপস্থিত বিভিন্ন নেতাৰ মন্তব্যসমূহ তলত উল্লেখ কৰা হ'ল-
মমতা বেনাৰ্জী : আজি ইয়াৰ পৰাই বিজেপিক উৎখাতৰ যাত্ৰা আৰম্ভ৷ ২০১৮ত ২ কোটি লোক নিবনুৱা হৈছে৷ চিবিআইক কলংকিত কৰিছে মোডী চৰকাৰে৷ আমিতো জগন্নাথ, শ্ৰীকৃষ্ণৰ ৰথ টানো, আপুনি ফাইভ ষ্টাৰ ৰথ বনাইছে৷ সকলো প্ৰতিষ্ঠানৰ স্বাধীনতা খৰ্ব কৰা হৈছে৷
অখিলেশ যাদৱ : ভাৰতৰ বতাহত বিষ ছটিয়াই দিছে নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰে৷ আমাৰ জোঁট সৰ্বসাধাৰণৰ সৈতে, মোডী-অমিত শ্বাহৰ জোঁট এনফোৰ্চমেণ্ট ডাইৰেক্টৰ বাবে চিবিআইৰ সৈতে৷
তেজস্বী যাদৱ : মিছা কথা কোৱাৰ ফেক্টৰী হ'ল নৰেন্দ্ৰ মোডী৷
শত্ৰুঘ্ন সিনহা : দেশৰ জনতাই আৱাজ উঠাইছে- 'চকীদাৰ চোৰ হয়'৷ দেশৰ মজলীয়া আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৰ্বানাশ মাতিছে জিএছটিয়ে৷ কাকো একো নজনোৱাকৈ টোঘলকী কায়দাৰে ৰাতা-ৰাতিয়ে নোটবন্দী ঘোষণা কৰিলে৷
এইচ ডি দেৱেগৌড়া : সময় খুব কম, একত্ৰিত হ'বই লাগিব৷
মল্লিকাৰ্জুন খৰ্গে : আপুনি কৈছিল 'নাখাওঁও, নুখুৱাওঁও'৷ আপুনি খাইছে কি নাই নাই নাজানো, কিন্তু আদানি-আম্বানিক খাব দিছে৷ লোকসভাৰ নিৰ্বাচনত হাতে-হাত মিলাই যুঁজিব লাগিব৷
শাৰদ পাৱাৰ : বিজেপিক ক্ষমতাচ্যুত কৰিব লৈহ'লে আগন্তুক নিৰ্বাচনত সকলোৱে একলগে যুঁজিব লাগিব৷ এই সমাবেশ দেখি আমাৰ আশা বহুত বাঢ়ি গৈছে৷
চন্দ্ৰবাবু নাইডু : কেন্দ্ৰতকৈ অধিক ভাল কাম কৰিছে পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰে৷ ঘৃণামিশ্ৰিত অপৰাধত হাত উজান দিছে বিজেপিয়ে৷ ইলেকট্ৰ'নিক ভোটিং মেচিনৰ জৰিয়তে বিজেপিয়ে কেলেংকাৰি কৰিছে৷ ২০১৯ত দেশে নতুন প্ৰধান মন্ত্ৰী দেখিব৷
অৰবিন্দ কেজৰিৱাল : ৭০ বছৰত পাকিস্তানে যিখিনি ক্ষতি কৰিব পৰা নাই, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ যুটীয়ে তাকে কৰি দেখুৱালে৷
ষ্টেলিন : ক'লা টকাক লৈ দেশৰ জনসাধাৰণক আঁভুৱা-ভাৰিছে নৰেন্দ্ৰ মোডীয়ে৷ ক'লা টকা উদ্ধাৰ কৰি দেশৰ জনসাধাৰণক ১৫ লাখকৈ দিয়াৰ কথা কৈছিল৷ ক'লৈ গ'ল সেই ১৫ লাখটকীয়া ললিপপ? আগন্তুক মে' মাহত ভাৰতত দ্বিতীয় স্বাধীনতা সংগ্ৰাম৷
ফাৰুক আব্দুল্লা : দেশত ধৰ্মৰ নামত বিভাজন চলিছে৷ প্ৰকৃত ৰামৰ সৈতে 'মহব্বত' কৰিব লাগিব৷ প্ৰধ ানমন্ত্ৰী কোন হ'ব পিছত ঠিক কৰা হ'ব৷ সকলোতকৈ আগতে নেতাসকল একগোট হ'ব লাগিব৷
অভিষেক মনু সিংভি : যিকোনো মূল্যৰ বিনিময়ত ভোট বিভাজন ৰোধ কৰিব লাগিব৷ সমগ্ৰ দেশত য'তে ভোট বিভাজন হৈছে তাতেই লাভ হৈছে বিজেপিৰ৷
অৰুণ শোৰী : বিজেপিয়ে সমগ্ৰ প্ৰতিনিধি দলকে কুক্ষিগত কৰিছে৷
যশৱন্ত সিনহা : কোনো চৰকাৰে ইমান মিছাৰ আশ্ৰয় লোৱা নাই৷ আগন্তুক লোকসভা নিৰ্বাচনত আমি সকলোৱে একগোট হৈয়ে যুঁজিম৷ 'সবকা সাথ, সবকা বিকাশ নহয়', বিজেপিৰ শাসনত আচলতে সকলোৰে বিনাশ হৈছে৷
গেগং আপাং : একত্ৰিত হৈ মোডীৰ অপশাসন শেষ কৰিব লাগিব৷
শিবু চোৰেণৰ পুত্ৰ হেমন্ত চোৰেণ : আঞ্চলিক দলবিলাকক একত্ৰিত কৰিব লাগিব৷ সেই কামটো দিদিয়ে কৰি দেখাব৷
- Log in to post comments
- 56 views