সোণাৰিৰ পৰা ঘন বৰা
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অসম গণ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰী আৰু বৰহাটত আজি বৃহৎ জোঁৰ সমদল উলিওৱা হয়। উক্ত বিধেয়কৰ বিৰোধিতাত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।
চৰাইদেউ জিলা সমিতিৰ সভাপতি টংকেশ্বৰ কোঁৱৰ, সোণাৰি সমষ্টিৰ সভাপতি হেমন্ত গগৈ, নাৰায়ণ লাহন আদি উপস্থিত থকা সমদলত বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, নৰেন্দ্ৰ মোডী হায় হায়, তপন গগৈ গ'-বেক আদি শ্লোগান দি উত্তাল কৰি তোলে। পাঁচ শতাধিক লোকে বাহিৰ কৰা জোঁৰ সমদল কাৰ্যসূচী উমেশ বুঢ়াগোহাঁয়ে উদ্বোধন কৰে।
- Log in to post comments
- 13 views