নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱা
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি সন্ধিয়া নাহৰকটীয়াত অসম গণ পৰিষদ দলৰ নেতৃত্বত এক বিশাল জোঁৰ সমদল উলিওৱা হয়।
নাহৰকটীয়া সমষ্টিৰ অগপৰ বিধায়ক নৰেণ সোণোৱাল তথা প্ৰাক্তন বিধায়ক কুসুম্বৰ তাই ৰাই গগৈৰ নেতৃত্বত বিধেয়কখনৰ বিৰুদ্ধে উলিওৱা হয় এই প্ৰতিবাদী সমদল৷
সমদলটোত নাহৰকটীয়াৰ বিভিন্ন দল-সংগঠনৰ প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল গ'-বেক, সৰ্বানন্দ সোণোৱালৰ কাম নাই, মুখ্য মন্ত্ৰীয়ে গাদী এৰক, এই বিধেয়ক মানি লোৱা নহ'ব আদি চৰকাৰবিৰোধী বিভিন্ন শ্লোগান দি নাহৰকটীয়াৰ আকাশ-বতাহ উত্তাল কৰি তোলে।
প্ৰতিবাদী সমদলটোৱে নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা সমগ্ৰ নাহৰকটীয়া নগৰখন পৰিভ্ৰমণ কৰে৷
- Log in to post comments
- 17 views