ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ দুই ছাত্ৰীৰ সাফল্য

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ দুই ছাত্ৰীৰ সাফল্য

নতুন বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ দুগৰাকী ছাত্ৰীয়ে। নগাঁৱৰ ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা শাখাৰ মেধাসম্পন্ন ছাত্ৰী অংকিতা শৰ্মা আৰু মিতালী শৰ্মাই দিল্লীৰ থ্যাগৰাজ ষ্টেডিয়ামত স্কুল গেমছ ফেডাৰেচন অব্‌ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত ৬৪সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ দুই ছাত্ৰীৰ সাফল্য

চলিত বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত সৰ্বমুঠ ২৯খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ দুই ছাত্ৰীৰ সাফল্য

এই বৃহৎ প্ৰতিযোগিতাত আৰ্টিষ্টিক শাখাত অংকিতা শৰ্মাই ৰূপৰ আৰু ৰিদমিক শাখাত মিতালী শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰি অসমবাসীক গৌৰৱাম্বিত কৰে।

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ দুই ছাত্ৰীৰ সাফল্য

ছাত্ৰী দুগৰাকীৰ এই বৃহৎ সফলতাত ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেণেছাঁ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ বন্যা বৈছে।
 

Your Comments