নামনি অসমৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱসমূহৰ ভিতৰত চেঙা সভা মহোৎসৱ অন্যতম । চেঙা সভা মহোৎসৱে এইবেলি ৮৬ বছৰত ভৰি দিলে। ১ মাঘৰ পৰা আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত চেঙা সভা মহোৎসৱ। বুধবাৰে সন্ধিয়া সভা মহোৎসৱৰ দ্বাৰ মুকলি কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত মনোজ কুমাৰ চিকাৰিয়াই।
ইয়াৰ পিছতেই চেঙা ঐক্য সন্মিলনৰ সভাপতি হলধৰ দেৱৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত হয়।সভাৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠকে । নিৰ্দিষ্ট বক্তা হিচাপে 'অসম বাণী' কাকতৰ সম্পাদক দিলীপ চন্দন, বিশিষ্ট অতিথি হিচাপে চলচিত্ৰ পৰিচালক, অভিনেতা, অসম সাহিত্য সভাৰ আইন উপদেষ্টা হবিবৰ ৰহমান, সন্মানিত অতিথি হিচাপে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উদ্বোধনী সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।
ঐক্য সন্মিলনৰ সম্পাদক মহানন্দ পাঠকে প্ৰতিবেদন পাঠ কৰাৰ পূৰ্বে শিক্ষক হিৰণ্য কুমাৰ গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
- Log in to post comments
- 16 views