'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬' বাতিলৰ দাবীত আজিৰে পৰা ৩৬ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ হৈছে। সৰ্থেবাৰীৰ লছিমাৰ পানাগাঁৱৰটুপস্থিত ঐতিহাসিক ৰাইজমেলস্থলীত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বিৰোধী সংগ্ৰামী যৌথ মঞ্চ, সৰুক্ষেত্ৰীৰ উদ্যোগত এই অনশন কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীত সংগ্ৰামী যৌথ মঞ্চৰ হৈ দণ্ডীনাথ বৰ্মন, আদিত্য লহকৰ,জীতেন মেধি আৰু ধনজিত বৰ্মনে অংশগ্ৰহণ কৰিছে।এই চাৰিগৰাকী ব্যক্তিক বিভিন্ন দল-সংগঠন, যথেষ্টসংখ্যক নাগৰিকে সহযোগিতা আগবঢ়াইছে।
চেঙাৰ পৰা সুৰজিৎ পাঠক
- Log in to post comments
- 14 views