বিগত ২০১৮ বৰ্ষত ছিংগাপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিঃ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই অনা নগাঁৱৰ শৰীৰচৰ্চাবিদ ছৰিফুল আলম শইকীয়া চৰকাৰৰ পৰা চৰম অৱহেলিত আৰু উপেক্ষিত হৈ থাকিবলগীয়া হৈছে। মিঃ ইউনিভাৰ্ছ খিতাপ দখল কৰাৰ পাছত ৰাজ্য চৰকাৰে তেওঁক পুৰস্কৃত কৰাটো দূৰৈৰে কথা, এথোপা ফুলেৰেও সম্বৰ্ধনা নজনালে। ইয়াকে লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰ, নগাঁও জিলা প্ৰশাসনেতো শইকীয়াক ন্যূনতম সন্মান প্ৰদৰ্শন নকৰিলেই, জিলাখনৰ ক্ৰীড়া সংগঠনসমূহৰ দ্বাৰাও উপেক্ষিত হৈ ৰ'বলগীয়া হ'ল মিঃ ইউনিভাৰ্ছ শইকীয়া।
কিন্তু এই বিষয়বোৰে মূঠেও ব্যথিত কৰিব পৰা নাই শইকীয়াক। বৰঞ্চ দুগুণ উদ্যমেৰে নগাঁও চহৰত যুৱপ্ৰজন্মৰ মাজত শৰীৰচৰ্চাক জনপ্ৰিয় কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নগাঁও চহৰৰ শইকীয়া মাৰ্কেটৰ নিৱাসী ছমছেৰ আলম শইকীয়া আৰু হেলিমা শইকীয়াৰ পুত্ৰ ছৰিফুল আলম শইকীয়া শৈশৱৰে পৰা শৰীৰচৰ্চাৰ লগত জড়িত হৈ পৰিছিল। স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি কলেজীয়া জীৱনো শৰীৰ চৰ্চাৰে খ্যাতি অৰ্জন কৰিছিল ছৰিফুলে। নৱপ্ৰজন্মক শৰীৰচৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে ছৰিফুলে নগাঁও চহৰত স্থাপন কৰিছে "ডাইনামিক গ'ল্ড জীম" আৰু "ডাইনামিক পাৱাৰ জীম" নামেৰে দুটাকৈ অত্যাধুনিক শৰীৰচৰ্চা কেন্দ্ৰ। শিক্ষা জীৱনৰ আৰম্ভণিৰে পৰাই ছৰিফুল জড়িত শৰীৰচৰ্চাত।
ইতিমধ্যে ছৰিফুলে শৰীৰচৰ্চা প্ৰতিযোগিতাত বহুকেইটা খিতাপ দখল কৰি অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে। বিগত বৰ্ষত ছিংগাপুৰত অনুষ্ঠিত হোৱা নাব্বা WFF দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ এছিয়া আৰু পৰৱৰ্তী সময়ত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ দখল কৰাৰ উপৰি তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়া আৰু মিষ্টাৰ অসমৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ছৰিফুলে। তদুপৰি, অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা শৰীৰচৰ্চা প্ৰতিযোগিতাত বহুকেইটা খিতাপ অৰ্জন কৰিছে ছৰিফুলে। সীমিত সা-সুবিধাৰ মাজত থাকিয়েই ছৰিফুলে এইদৰে এটাৰ পাছত ইটোকৈ খিতাপ দখল কৰি নৱপ্ৰজন্মক এই খেলবিধৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে। মিঃ ইউনিভাৰ্ছ শইকীয়াই "নিউজ এএছএনক"ক কয়, "অমাৰ নৱপ্ৰজন্মও শৰীৰচৰ্চা বা দৈনিক ব্যায়ামৰ লগত জড়িত হোৱা উচিত। কিয়নো ব্যায়ামে আমাৰ মন-মগজু আৰু শৰীৰ সুস্থ আৰু সবল কৰি ৰাখে৷
তদুপৰি, আমাৰ চিন্তা-চৰ্চাৰো উন্মেষ ঘটায়। তদুপৰি, শৰীৰচৰ্চাৰ জৰিয়তে জীৱিকা নিৰ্বাহৰো সম্বল আছে।" এই সম্বলক আলম হিচাপে লৈয়েই ছৰিফুলে তেওঁ নগাঁও চহৰত স্থাপন কৰা শৰীৰচৰ্চা কেন্দ্ৰত বহু ছাত্ৰ-ছাত্ৰীক শৰীৰচৰ্চাৰ প্ৰশিক্ষণ দি আছে। সোঁতৰ বিপৰীতে গৈ ছাত্ৰ-ছাত্ৰীক শৰীৰচৰ্চা শিক্ষা প্ৰদান কৰাৰ লগতে নিজৰো জীৱিকাৰ পথ মোকলাবলৈ সক্ষম হৈছে। ক্ৰীড়া ক্ষেত্ৰৰ অন্যবদ্য অলংকৰণস্বৰূপ শৰীৰচৰ্চা বিদ্যাক অধিক আকৰ্ষণীয় কৰি তুলিছে ছৰিফুলে।
চলিত বৰ্ষত ছৰিফুলে নব্বা WFF ৰ সৌজন্যত অনুষ্ঠিত হ'বলগা আই এফ এ ক্লাছিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আৰু চীনত অনুষ্ঠিত হ'বলগীয়া টেৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে। তদুপৰি ২০২০ চনত অনুষ্ঠিত হ'বলগা মিষ্টাৰ ৱ'ৰ্ল্ড প্ৰতিযোগিতাতো যোগদানৰ চেষ্টা অব্যাহত ৰাখিছে। শৰীৰচৰ্চা ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনা নগাঁৱৰ ছৰিফুল নৱপ্ৰজন্মৰ বাবে এক আশাৰ প্ৰতীক হিচাপে বিবেচিত হৈছে।
- Log in to post comments
- 223 views