ৰূপজ্যোতি ভূঞা
নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ ঠাই কামপুৰ ।কপিলী উপত্যকাত গঢ় লৈ উঠা ঐতিহাসিক কামপুৰে বহন কৰিছে এক গৌৰৱময় ঐতিহ্য। বুৰঞ্জীপ্ৰসিদ্ধ এই ঠাইখনৰ আমি যদি ঐতিহ্যৰ পম খেদো তেনেহ'লে বহু ঘটনা-পৰিঘটনা পৰিলক্ষিত হয়, যিবোৰ অঞ্চলটোৰ বহু ঠাইত সচিত্ৰ দলিলৰ ৰূপত দেখা পোৱা যায়। আজিও কামপুৰৰ বিভিন্ন প্ৰান্তত শোভাবৰ্ধন কৰি আছে পৌৰাণিক মঠ-মন্দিৰ তথা প্ৰত্বতাত্ত্বিক সমলসমূহে ।অসমীয়া জাতি গঠনৰ ক্ৰমবিকাশত গুৰুত্বপূৰ্ণ ভূমিকা আছিল কপিলী উপত্যকাৰ ।
আনুমানিক ১৫০০ শতিকাত নগাঁও জিলাৰ দক্ষিণাঞ্চলত কপিলী উপত্যকাত এখন ৰাজ্য গঠন হৈছিল। কপিলী উপত্যকাত এই ৰাজ্যখন গঠন হোৱাৰ বাবে এই ৰাজ্যখনৰ নাম "কপিলী ৰাজ্য" নামৰে পৰিচিত। ৰাজ্যখন এটা জলাহ প্ৰধান হোৱাৰ বাবে "ডবাক" নাম লৈছিল আৰু যিটো জাতিয়ে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁলোকক "ডিমাচা কছাৰী" বুলি কোৱা হৈছিল।
সমগ্ৰ অঞ্চলটোৰ অ'ত-ত'ত সিঁচৰতি হৈ থকা স্থাপত্যৰ ভগ্নাৱশেষ আৰু মূৰ্তি-ভাস্কৰ্যৰ প্ৰাচুৰ্যলৈ লক্ষ্য কৰি পণ্ডিতসকলে অনুমান কৰিছে যে এই কপিলীৰ পাৰত অতীজতে শিল্প চৰ্চাৰ এটা ধাৰা সৃষ্টি হৈছিল। তেওঁলোকে অনুমান কৰে যে ষষ্ঠ শতিকাৰ পৰা দ্বাদশ-ত্ৰয়োদশ শতিকাত চলা এই শিল্প চৰ্চাৰ মাধ্যম আছিল শিল। ইয়াৰ এক চানেকি কামপুৰৰ কাৱৈমাৰীৰত উদ্ধাৰ হোৱা শিলৰ মূৰ্তিসমূহে জীৱন্ত ৰূপত সাক্ষ্য বহন কৰি আছে।
অৱস্থিতিঃ
অসম ৰাজ্যৰ মধ্যভাগত অৱস্থিত এখন জিলা হ'ল নগাঁও। নগাঁও জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই হ'ল কামপুৰ। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুবাট মৌজাৰ কাৱৈমাৰী অঞ্চলত এই ইতিহাস প্ৰসিদ্ধ থানখন অতি প্ৰাচীনকালৰে পৰা থকাৰ কথা সকলোৱে অনুমান কৰিছে। এই থানখনৰ নামেই হৈছে বিষ্ণুপুৰী থান। নগাঁৱৰ পৰা এই ঠাইখন প্ৰায় ৩৬ কি:মি দূৰত অৱস্থিত।
বিষ্ণুপুৰী নামৰ উৎপত্তিঃ
থানখনক প্ৰথম অৱস্থাত 'মঠ' নামেৰে জনা গৈছিল। সেই স্থানত শিলাখণ্ডত চকা,পদুম ফুলৰ চিহ্ন খোদিত শিল দেখিবলৈ পোৱা গৈছিল। লোকসকলে সেই ঠাইত দেৱতাক উপাসনা কৰিছিল বুলি ভাবি ঠাইখণ্ডক নাম দিলে 'মঠ'; যাৰ আভিধানিক অৰ্থ 'দেৱস্থান'।
যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল, সেইবাবে সময়ৰ লগত সঙ্গতি ৰাখি সৰ্বজাতিৰ সমন্বয়ৰ স্থান হিচাপে দ্বিতীয় নামকৰণ কৰি কৃষ্ণৰ বাসস্থান 'দ্বাৰকাপুৰী' ৰাখিছিল।
১৯৫৯ খ্ৰীষ্টাব্দৰ এটা দিনত প্ৰয়াত নৰেন ফুকনদেৱে পানীৰ সমস্যা দূৰীকৰণৰ বাবে এটা সৰু নাদৰ কথা চিন্তা কৰি কাৱৈমাৰী গাঁৱৰ প্ৰয়াত মেম্বৰ বৰদলৈ আৰু চিৰণ বৰদলৈক লগাই এটি নাদ খন্দাই আৰু তেতিয়াই তাত এভাগ বিষ্ণু মূৰ্তি প্ৰকট হয়। সেইবাবে তেতিয়াৰ পৰা থানখনৰ নাম হ'ল বিষ্ণুপুৰী থান (১৯৬০ত নাম হৈছিল বিষ্ণুপুৰী)।
বিষ্ণুপুৰী থানত মূল বিষ্ণু মূৰ্তিৰ উপৰি বিভিন্ন শিলত কটা মূৰ্তি উদ্ধাৰ হৈছিল। তেতিয়াৰে পৰাই অসমৰ বিভিন্ন ঠাইৰ লোক এই থানলৈ মনোবাঞ্ছা পূৰণৰ অৰ্থে আহি শৰাই আগবঢ়ায়। প্ৰতি বছৰে দৌল উৎসৱটো সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। যিবোৰত ৰাইজৰ সহায়-সহযোগিতা অতিকে লক্ষণীয়। তথাপিও বিভিন্ন সমস্যাত আজিও জৰ্জৰিত এই ঐতিহাসিক থানখন। উল্লেখ্য যে বিষ্ণুপুৰী থানখন গ্ৰামাঞ্চলত অৱস্থিত, যি প্ৰদূষণমুক্ত। ইয়াৰ প্ৰাকৃতিক পৰিবেশে পৰ্যটকক সহজে মুগ্ধ কৰিব পাৰে। তাৰোপৰি ইয়াৰ শৈল-ভাস্কৰ্যবোৰ ভাৰতৰ আন ঠাইৰ লগত ফেৰ মাৰিব পৰাকৈ উচ্চখাপৰ বুলি পণ্ডিতসকলে চিনাক্ত কৰিছে। গতিকে চৰকাৰে ইয়াৰ উন্নয়নৰ বাবে দ্বায়িত্ব ল'লে এখন উন্নত মানৰ পৰ্যটনস্থলীলৈ পৰিণত হ'ব বুলি অনুমান কৰিব পাৰি।
ঠাইখন যাতায়াতৰ দিশত পিছপৰা, লগতে মূৰ্তিবোৰো ভালকৈ সংৰক্ষণ কৰা হোৱা নাই। নাই প্ৰসাৱগাৰৰ ব্যৱস্থা, জিৰণি চ’ৰাৰ ব্যৱস্থা নথকাৰ বাবে দূৰণিবতীয়া যাত্ৰী তীব্ৰ সমস্যা সন্মুখীন হয়। ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি যদি চৰকাৰ আগবাঢ়ি আহি সাহায্য আগবঢ়ায় তেন্তে ঠাইখনে পৰ্যটনস্থলী হিচাপে অসমৰ মানচিত্ৰত স্থান পাব বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰে।
- Log in to post comments
- 742 views