সচেতন নাগৰিক আৰু বিশিষ্ট বুদ্ধিজীৱীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আৰম্ভ কৰা "অসম বচাওক" আন্দোলনৰ অংশ হিচাপে অহা ৭ জানুৱাৰীত আহ্বান জনোৱা "ধিক্কাৰ দিৱস"ৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
অসম চুক্তিৰ আত্মাক ধ্বংস কৰিবলৈ বিচৰা এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যজুৰি পালন কৰিবলগীয়া "ধিক্কাৰ দিৱস" সফল কৰি তুলিবলৈ কংগ্ৰেছ নেতা-কৰ্মীসকলক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসে এক বিবৃত্তিযোগে এই কথা জনাইছে৷
- Log in to post comments
- 13 views