গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৱাসৰ ৭ নম্বৰ আৱাসত অগ্নিকাণ্ড সংঘটিত হয়৷ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানৰ অধ্যাপক ডঃ ভৱানী কুমাৰ ভাগৱতীৰ আৱাসত সংঘটিত হয় অগ্নিকাণ্ড।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো লোক নাছিল। অগ্নিকাণ্ডটোত বহু সা-সম্পত্তি জুইত জাহ যায়। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে৷
- Log in to post comments
- 18 views