নৱবৰ্ষৰ প্ৰথমটো সূৰ্যাস্তৰ পাছতে সংঘটিত এক জঘন্য হত্যাকাণ্ডই চাঞ্চ্যলৰ সৃষ্টি কৰিছে বৰপেটা জিলাৰ নগাঁওত ।কালি নিশা কোনো দুৰ্বৃত্তই ৰমনী ডেকা (৩৫) নামৰ লোক এজনক হানি-খুছি নৃশংসভাৱে হত্যা কৰে । ঘটনাৰ বিৱৰণী মতে নগাঁওৰ দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়ৰ সন্মূখৰ পথৰ দাঁতিত আজি পুৱা পথচাৰীয়ে এটা মৃতদেহ প্ৰত্যক্ষ কৰে।পাছত মৃতদেহটো নগাঁওৰ মনিৰাম ডেকাৰ পুত্ৰ ৰমনী ডেকাৰ বুলি চিনাক্ত হোৱাত অঞ্চলটোত হুৱা দুৱা লাগে।পাছত ঘটনাস্থলীত বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক ( সদৰ) সমীৰণ বৈশ্যৰ লগতে বহুকেইজন আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
মৃতদেহৰ কেইবা ঠাইত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ থকাৰ লগতে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ নাতিদূৰত থকা দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ ভিতৰত চেণ্ডেল আৰু তেজৰ চেকুৰা থকালৈ চাই ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে ।
ইফালে হত্যাকাৰীৰ সন্ধানত জিলা প্ৰশাসনে স্নিফাৰ ডগৰ সহায়ত আৰম্ভ কৰিছে জোৰ তদন্ত ।এতিয়াও হত্যাকাণ্ডৰ মূল কাৰণ আৰু হত্যাকাৰী সন্দৰ্ভত কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই । উল্লেখ্য যে কৰ্মসূত্ৰে গুৱাহাটীত থকা ৰমনী ডেকা কালি সন্ধিয়া ঘৰৰ পৰা ওলাই আহিছিল ।সুৰাপানৰ বদভ্যাস থকা ৰমণী ডেকা কালিও মদ্যপান কৰিবলৈ আহি এনেদৰে নৃশংস হত্যাৰ বলি হ'ব লগা হ'ল বুলি স্থানীয় লোকে সন্দেহ কৰিছে ।
উল্লেখ্য যে নগাঁৱৰ দামোৰাবোৱাত ইয়াৰ আগতেও বহুকেইটা হত্যাকাণ্ড সংঘটিত হৈ গৈছে । উচিত তদন্ত কৰি ৰমণী ডেকাৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ ৰাইজে দাবী জনাইছে ।
- Log in to post comments
- 14 views