কামৰূপ জিলা পৰিবহণ কাৰ্য্যালয়ৰ পথ সুৰক্ষা সপ্তাহ পালন

পথ সুৰক্ষা সপ্তাহ পালন

পথ সুৰক্ষা সপ্তাহ উপলক্ষে জনসাধাৰণক যান-বাহন আইন সম্পৰ্কত সজাগ কৰাৰ বাবে কামৰূপ জিলা গ্ৰাম্য পৰিবহন বিভাগৰ উদ্যোগত ৰঙিয়াৰ ঐতিহ্য মণ্ডিত হৰদত্ত-বীৰদত্ত ভৱন প্ৰাংগণত আজি এক সজাগতা মূলক সভা এখন অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানটোত কামৰূপ জিলাৰ পৰিবহণ বিষয়া প্ৰবীণ বিহাৰী দাসে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই। বাইক চলোৱাৰ সময়ত চলাকজনে হেলমেট পৰিধান কৰাৰ লগতেপিছফালে থকা আৰোহীজনেও যাত্ৰাৰ সময়ত হেলমেট পৰিধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিষয়া গৰাকীয়ে নিয়ন্ত্ৰিত গতিত গাড়ী চলোৱা,যান-বাহন আইন মানি চলা আদিৰ সম্পৰ্কত পৰামৰ্শ প্ৰদান কৰাৰ উপৰি ট্ৰেফিক সংকেট, জেব্ৰা ক্ৰছিং আদিৰ লগতে নিশা যান বাহনৰ আপাৰ-ডীপাৰ ব্যৱহাৰ কৰা সম্পৰ্কতো ব্যাখ্যা আগবঢ়ায়।

অনুষ্ঠানটোত উপস্থিত থাকি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ো ট্ৰেফ্ৰিক আইন সম্পৰ্কত বিভিন্ন পৰামৰ্শসূচক ব্যাখ্যা আগবঢ়ায়। ৰঙিয়া পৌৰ সভাৰ উপ পৌৰপতি ফজনুৰ হক,বেচৰকাৰী বাছ শ্ৰমিক সন্থাৰ সভাপতি ৰত্নেশ্বৰ কলিতাও উক্ত সভাত  নিজ বক্তব্য প্ৰদান কৰে।

Your Comments