দিছপুৰ প্ৰেছ ক্লাবত গল্পপুথি উন্মোচন

ো

নাৰী জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাতৰ ওপৰত লেখিকা ৰেণুমালা বৰা চেতিয়াই লিখি উলিয়াইছে আবেলিৰ ৰং নামৰ এখন গল্পপুথি । 

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত গল্পপুথিখন উন্মোচন কৰা হয়। প্ৰতিবিম্ব পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত এই পুথিখনত সন্নিৱিষ্ট কৰা হৈছে ১৭টাকৈ গল্প। আবেলিৰ ৰং শীৰ্ষক এই গল্প পুথিখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ডঃ ভৱেশ দাসে। 

নাৰী জীৱনৰ ওপৰত আধাৰিত এই পুথিখনত থকা প্ৰতিটো গল্প পাঠক সমাজে পঢ়ি ভাল পাব বুলি মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিকগৰাকীয়ে। ইফালে স্কুলীয়া দিনৰে পৰা গল্প, কবিতা লিখি ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল লেখিকা ৰেণুমালা বৰা চেতিয়াই। এই গল্পপুথিখন পাঠকে আদৰি ল'ব বুলি সম্পূৰ্ণ আশাবাদী লেখিকাগৰাকী।

উল্লেখযোগ্য যে এই উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক সঞ্জীৱ গোস্বামী, অসমীয়া খবৰৰ উপ-সম্পাদক ফাইজুৰ ৰহমান, সাংবাদিক তথা পুথিখনৰ প্ৰকাশক তফিকুদ্দিন আহমেদ, কবি ৰুমা শৰ্মাকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments