সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সংবাদমেল

সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে বুধবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত এখন সাংবাদমেলৰ আয়োজন কৰে।মূলতঃ অসম চুক্তি ৰূপায়নকে ধৰি সাম্প্ৰতিক  অসমৰ কিছু জ্বলন্ত সমস্যাৰ ওপৰত আলোকপাত কৰা সংবাদ মেল খনত উপস্থিত থাকে সংগঠনটোৰ নেতৃবৰ্গসকল ।

সাংবাদমেল খন সম্বোধন কৰি কয় যে অসম আন্দোলনৰ ফলশ্ৰুতিত বহুজনৰ তেজ আৰু বহু কষ্টৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰ হৈছিল। এটা নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত এই চুক্তিক  ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত সংগঠনটোৱে পুনৰ দাবী উত্থাপন কৰে ।

অসম চুক্তি  ৰূপায়ণ কৰি চৰকাৰে সদিচ্ছাৰ প্ৰমাণ দিয়া উচিত । ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা সকলো ধৰ্মৰ লোকে অসমৰ পৰা বহিষ্কাৰ হ'বই লাগিব বুলি দাবী কৰি কয় অসমবাসীৰ ওপৰত জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো পধ্যেই গ্ৰহণ কৰা নহব ।

আনহাতে  অসম আন্দোলনৰ সময়ত নিৰ্যাতিত সকলৰ ক্ষেত্ৰত কোনো শ্ৰেণী বিভাজন নকৰাকৈয়ে আৰ্থিক সাহায্য দিয়াৰ  ব্যৱস্থা কৰাৰ প্ৰাসংগ উত্থাপন কৰে । লগতে দাবী কৰে যে,ভাৰত বাংলাদেশ সীমান্ত ছিল কৰাৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Your Comments