এপ'ল কৰ্মচাৰীৰ ভি আৰ এছৰ দাবীত সমবায় পঞ্জীয়কক ঘেৰাও

local

বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ সমবায় খণ্ডৰ এসময়ৰ অগ্ৰণী প্ৰতিষ্ঠান ৰঙিয়াৰ এপ'লৰ শ্ৰমিক-কৰ্মচাৰী সকলে ভি আৰ এছৰ ধন মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত কলি সমবায় বিভাগৰ পঞ্জীয়কক ঘেৰাও কৰে ।এপ'ল মিলৰ ভি আৰ এছ দাৱী সমিতিৰ সম্পাদক সুকুমাৰ শৰ্মাই জানিবলৈ দিয়ে যে ২০০৬ চনত এপ'ল মিলৰ স্পিনিং শাখাতো দীৰ্ঘদিন ধৰি বন্ধহৈ  থকাৰ পিছত পুনৰুজ্জীৱিতকৰন কৰা হৈছিল যদিও উইভিং আৰু ডায়িং শাখা দুটা বন্ধই হৈ থাকিল। তাৰ ফলত কেইবাশতাধিক শ্ৰমিক-কৰ্মচাৰী  মিলটোত কাম কৰাৰ  পৰা বঞ্চিত হবলগীয়া  হয়।

উক্ত শ্ৰমিক সকলক পৰৱৰ্তী সময়তচৰকাৰী নিয়ম অনুসৰি একাংশ কৰ্মচাৰীক ভি আৰ এছ ঘোষণা কৰা হয়  যদিও কৰ্মচাৰী সকলে পাব লগীয়া ভি আৰ এছৰ ধনৰ পৰা আজি দীৰ্ঘ দিন ধৰি বঞ্চিত হৈ থাকিব লগীয়া হয়। উক্ত দাবীক বৰ্তমানেও গুৰুত্ব নিদিয়াত কৰ্মচাৰী সকল ক্ষোভিত হৈ পৰে।

কেইমাহ মান পূৰ্বে ৰাজ্য চৰকাৰে মিলটোৰ বাবদ ১০ কোটি টকা ঘোষণা কৰে যদিও সেই ধন এতিয়ালৈকে সমবায় বিভাগে মুকলি  কৰি নিদিয়াতো শ্ৰমিক কৰ্মচাৰী সকল পুনৰ হতাশ হৈ পৰে। সেয়েহে যোৱাকালি  প্ৰাপ্য ধন বিচাৰি সমবায় বিভাগৰ পঞ্জীয়কক ঘেৰাও কৰা বুলি সম্পাদক শৰ্মাই  আমাক জানিবলৈ দিয়ে।

চৰকাৰে ধন মুকলি কৰি দিয়াৰ পিছতো আজিলৈকে কিয় সেই ধন সমবায় বিভাগে মুকলি কৰি দিয়া নাই সেই সন্দৰ্ভত পঞ্জীয়কক এই ঘেৰাও কাৰ্যসূচীৰ সময়ত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলে বুলি সম্পাদক শৰ্মাই লগতে জানিবলৈ দি কয় যে শ্ৰমিক-কৰ্মচাৰী সকলৰ প্ৰশ্নত ব্যতিব্যস্ত হৈ সমবায় বিভাগৰ পঞ্জীয়ক গৰাকীয়ে তিনিদিনৰ ভিতৰত ভি আৰ এছৰ ধন মুকলি কৰি দিব বুলি আশ্বাস দিয়াত শ্ৰমিক-কৰ্মচাৰী সকলে ঘেৰাও কাৰ্য্যসূচী উঠাই লয়।

Your Comments