চেঙাৰ পৰা সুৰজিৎ পাঠক
বৃহস্পতিবাৰে বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা দুটা গুৰুত্বপূৰ্ণ নথিৰ পেকেট গুৱাহাটীৰ ছেবাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত । চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুদ্ধধৰ দাসে অত্যধিক মদ্যপান কৰি এখন বাছত বৰপেটাৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত সুৰাসক্ত বুদ্ধধৰ দাসক গাড়ীৰ পৰা নমাই দিয়ে আদবাটত ।
পিছত বুদ্ধধৰ দাসক গুৰুত্বপূৰ্ণ নথিৰ পেকেট দুটাৰে মাজদিয়া আৰক্ষী চকীত ৰখা হয় । ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ নথিবোৰ এনেদৰে এগৰাকী সুৰাসক্ত ব্যক্তিৰ হাতত বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰাটো বিভাগটোৰ দায়িত্বহীনতাকেই প্ৰতিপন্ন কৰিছে । পিছত আই এছ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী মাজদিয়া আৰক্ষী চকীত উপস্থিত হৈ নথিৰ পেকেটবোৰ চমজি লয় ।
এতিয়া প্ৰশ্ন হৈছে কেতিয়া শিক্ষা ল'ব শিক্ষা বিভাগে ? বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোস্নাৰাণী বৰ্মনৰ এনে দায়িত্বহীনতাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ হ'বনে এনেবোৰ কাণ্ড ?
- Log in to post comments
- 9 views