এছ এফ আইৰ দশম ৰঙিয়া আঞ্চলিক সন্মিলন আৰম্ভ

এছ এফ আইৰ দশম ৰঙিয়া আঞ্চলিক সন্মিলন আৰম্ভ ।

ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ দশম ৰঙিয়া আঞ্চলিক  সন্মিলনখন আজি ৰঙিয়া শ্ৰমিক ভৱনত অনুষ্ঠিত হয়।ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে  আৰম্ভ হোৱা কাৰ্য্যসূচীৰ পিছতেই  অনুষ্ঠিত হয় প্ৰতিনিধি সভা।ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি ললিত কলিতাই সভাপতিত্বত  কৰা উক্ত প্ৰতিনিধিসভা উদ্ধোধন কৰে ভাৰত ছাত্ৰ ফেডাৰেছনৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে ।

এছ এফ আইৰ দশম ৰঙিয়া আঞ্চলিক সন্মিলন আৰম্ভ ।

ছাত্র নেতা চৌধুৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে জন্মলগ্নৰে পৰা সকলোৰে বাবে শিক্ষা আৰু কামৰ দাৱীত আৰু উন্নত গুণ মান সম্পন্ন ৰাজহুৱা শিক্ষাৰ দাৱীত অহৰহ সংগ্ৰাম অব্যাহত ৰাখিছে।বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰকো সমালোচনা কৰি তেওঁ পুনৰ কয় যে নিৰ্বাচনৰ সময়ত নানান প্ৰতিশ্ৰুতি প্ৰদান কৰা এই চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যা সমাধানলৈ আদি এটাও  প্ৰতিশ্ৰুতি পূৰণ কৰাত তেওঁলোক সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।

এছ এফ আইৰ দশম ৰঙিয়া আঞ্চলিক সন্মিলন আৰম্ভ ।

ইয়াৰ বিৰুদ্ধে  ভাৰতৰ ছাত্ৰ ফেডাৰেছনে আজি দীৰ্ঘ দিনৰ পৰা সংগ্ৰাম অব্যাহত ৰাখিছে আৰু অনাগত দিনতো এই সংগ্ৰাম অব্যাহত ৰাখিব বুলি তেওঁ বক্তব্য দাঙি ধৰে।প্ৰতিনিধি সভাখনত জিলা সভাপতি ধীৰাজ ডেকা আৰু সাঃসম্পাদক আব্দুল বাছেদেও সাংগঠনিক আৰু সামাজিক বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি  বক্তব্য প্ৰদান কৰে।

প্ৰতিনিধি সভাখনত সংগঠনতোৰ ভৱিষ্যত কাৰ্য্যপন্থাৰ ওপৰত আলোচনা কৰাৰ লগতে  ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ ওপৰত আলোকপাত কৰাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা,এপ'ল মিল পুনৰুজ্জীৱিত কৰা,ৰঙিয়াৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যাৰ  ক্ষেত্ৰটো কেইবাটাও প্ৰস্তাৱ লোৱা হয়। আবেলি ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ ৰঙিয়া আঞ্চলিক সমিতিৰ নতুন সমিতিখন গঠন কৰা হব বুলি জানিবলৈ দিয়ে।

Your Comments