পঞ্চায়তীৰাজক শক্তিশালী কৰাৰ আহ্বান চেঙা ঐক্য সন্মিলনৰ

ৌ

"গ্ৰামাঞ্চলৰ সামগ্ৰীক বিকাশৰ পৰিকাঠামো, 'পঞ্চায়তীৰাজ ব্যৱস্থা'ক সুদৃঢ় আৰু ত্বৰান্বিত কৰিব লাগিব ।এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলকৰ যথেষ্ট কৰণীয় আছে। ৰাইজৰ আস্থাক নিষ্ঠা আৰু সততাৰে প্ৰতিনিধিসকলে আগবঢ়াই নিব লাগিব সময়োপযোগী আঁচনি গ্ৰহণেৰে । "বৰপেটা জিলাৰ চেঙাত আজি সদ্য নিৰ্বাচিত চেঙা জিলা পৰিষদ সমষ্টিৰ সদস্য আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলক এই আহ্বান জনাই চেঙা ঐক্য সন্মিলনে।

উল্লেখ্য যে চেঙা অঞ্চলৰ মূল প্ৰশাসনীয় অনুষ্ঠান, চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আজি নিৰ্বাচিত প্ৰতিনিধিসকলক 'সম্বৰ্ধনা জ্ঞাপন' আৰু 'পঞ্চায়তীৰাজ ব্যৱস্থা' সন্দৰ্ভত বিশেষ সভা এখন অনুষ্ঠিত হৈ যায় । চেঙা ঐক্য সন্মিলনৰ কাৰ্যালয়ত সন্মিলনৰ সভাপতি হলধৰ দেৱৰ সভাপতিত্বত দিনৰ ১১ বজাত অনুষ্ঠিত বিশেষ সভাখনত চেঙা জিলা পৰিষদ সমষ্টিৰ সদস্য বসন্ত ঠাকুৰীয়া, নিজ চেঙা গাঁও পঞ্চায়তৰ সভাপতি বিনীতা ৰয়, আঞ্চলিক সদস্য অনিতা পাঠক, নিজ চেঙা গাঁও পঞ্চায়তৰ ১০জনকৈ সদস্যৰ লগতে চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তৰ সভাপতি মিজানুৰ ৰহমানক গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সমাজ সচেতক তথা প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠকে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোৰ পাছতে নিৰ্বাচিত প্ৰতিনিধিসকলক উদ্যেশ্যি কেইবাজনো বক্তাই নিজৰ নিজৰ অভিমত দাঙি ধৰে। মূলত পঞ্চায়তীৰাজ ব্যৱস্থাটোক অধিক শক্তিশালী তথা ত্বৰান্বিত কৰিবলৈ বস্তুবাদী চিন্তাৰ বিপৰীতে নিষ্ঠা আৰু সততাৰে সৰ্বকল্যাণমূখী কৰ্মসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰা হয়। সভাখনত জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই নিজৰ ভাষণত ৰাইজৰ চিন্তাৰে, ৰাইজৰ হকে ৰাইজৰ সহযোগত গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে।

আজিৰ সভাখনত চেঙা ঐক্য সন্মিলনৰ সম্পাদক মহানন্দ পাঠক, সহকাৰী সম্পাদক পংকজ ডেকা, প্ৰাক্তন সভাপতি ভৱানন্দ ভড়ালী, অঞ্জন ৰয়, নিজ চেঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গৌতম পাঠকৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

Your Comments