বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
"কংগ্ৰেছৰ নিয়ম অনুসৰি ৰিপুণ বৰাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক ৷ নিজৰ সমষ্টিত কংগ্ৰেছক উত্থান কৰাব নোৱাৰা ৰিপুণ বৰাই সমগ্ৰ ৰাজ্যক কিদৰে নেতৃত্ব দিব ৷"
আজি বিশ্বনাথত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে এই মন্তব্য কৰে ৷ সৰকাৰৰ ভাষ্য অনুসৰি ৰিপুণ বৰাই পুৰণি আৰু নতুন কংগ্ৰেছ কৰ্মীসকলক একগোট কৰিব পৰা নাই বাবেই এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দল বিধস্ত হৈছে ৷
বিগত ৪০ বছৰ ধৰি কংগ্ৰেছ দলত সক্ৰিয় হৈ থকা তথা ৩বাৰকৈ মন্ত্ৰী হোৱা নুৰজামাল সৰকাৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এঘৰীয়া কৰি চৰম অপমান কৰিছে বুলি আক্ষেপ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আনকি এইবাৰ নিজৰ গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ প্ৰাৰ্থীজনো নিৰ্বাচন কৰিবলৈও তেওঁক কতৃত্ব নিদিলে বুলি অভিযোগ তোলে ।
তদুপৰি, বিশ্বনাথৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ অহা ৰিপুণ বৰাই এবাৰো সংখ্যালঘু নেতা নুৰজামালক নিবিচাৰিলে । তথাপিও বিশ্বনাথত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰচেষ্টাত পঞ্চায়ত প্ৰতিনিধিসকলক জয়ী কৰাবলৈ সক্ষম হ'ল বুলি জানিবলৈ দিয়াৰ লগতে সমগ্ৰ অসমত কেৱল সংখ্যালঘু অঞ্চলতহে আজি কেৱল সংখ্যালঘু নেতাসকলৰ তৎপৰতাত কংগ্ৰেছৰ উত্থান হৈছে বুলি কয় ৷
আন আন জাতি-জনজাতি-সম্প্ৰদায়ৰ মাজত কংগ্ৰেছৰ উত্থান কৰাবলৈ ৰিপুণ বৰা সক্ষম নহ'ল বুলিও উল্লেখ কৰে নুৰজামাল সৰকাৰে । ইফালে ৰিপুণ বৰাৰ ছত্ৰছায়াতেই বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই প্ৰতিজন পঞ্চায়ত প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে ।
বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ নামত ৱাৰ্ড সদস্যসকলৰ পৰা ৩ হাজাৰৰ পৰা ৩০ হাজাৰ টকালৈ, সভাপতিসকলৰ পৰা ১ লাখৰ পৰা ২.৫ লাখ টকালৈ আৰু জিলা পৰিষদ সদস্যৰ পৰা ৩.৫ লাখ টকাকে লৈছে বুলি অভিযোগ তোলে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
আনহাতে, এই টকাৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই ঘৰ বনাই আছে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
- Log in to post comments
- 23 views