মৰিগাঁৱৰ পৰা জিতুমনি নাথ
কালিৰে অনুষ্ঠিত হৈ থকা মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আজি সন্ধিয়া সামৰনি পৰে। ঘোষিত ফলাফল অনুসৰি মৰিগাওঁ জিলা ১৩ টা জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছ দলে ৮ খন জিলা পৰিষদৰ আসন দখল কৰি জিলা পৰিষদ গঠনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱা বিপৰীতে শাসকীয় বিজেপি দলে লাভ কৰে ৫ খন জিলা পৰিষদ আসন।
একেদৰে পঞ্চায়ত দখলৰ যুঁজত জিলা খনৰ ৮৫ টা গাওঁ পঞ্চায়তৰে বিজেপি দলে ৩৩ টা,কংগ্ৰেছ দলে ৩৮ টা,অগপ আৰু এ আই ইউ ডি এফ দলে ৩ টাকৈ লাভ কৰাৰ বিপৰীতে বাকী ৮ টা গাওঁ পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। জিলা খনৰ সামগ্ৰীক ফলাফলত জাগীৰোড বিধান সভা সমষ্টিত বিজেপি দলে প্ৰভাৱ বিস্তাৰ কৰাৰ বিপৰীতে মৰিগাঁও আৰু লাহৰিঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ দলে প্ৰভাৱ বিস্তাৰ কৰে।
লক্ষণীয় ভাৱে মৰিগাঁও বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ গৃহ জিলা পৰিষদ চাবুক ধৰাত কংগ্ৰেছে বিজয় ধ্বজা উৰুৱা ঘটনাই মৰিগাঁও বিজেপিত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে
তদুপৰি আঞ্চলিক দল অগপ আৰু এ আই ইউ ডি এফৰ নিষ্পভ ফলাফলে আঞ্চলিকতাবাদৰ ৰাইজক হতবাক কৰি তুলিছে। আমাৰ হাতত পৰা ফলাফল অনুসৰি ১৩ টা জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছ দলে লাভ কৰা ৮ টা জিলা পৰিষদ ভিতৰত ভূৰবন্ধাত পবিত্ৰ বৰা,চৰাইবাহীত অসমী পাতৰ,কুশতলিত মজৰুন নেহাৰ,চাবুক ধৰাত মৃনাক্ষী বৰদলৈ,মৈৰাবাৰীত আবিদা বেগম,দলৈগাঁৱত শ্বামিন হাছান,ভূৰাগাঁওত আব্দুল্লা বাহাৰ আৰু লাহৰীঘাটত ইছমেৰা বেগম ৷
বিজেপি দলে লাভ কৰা ৫ টা জিলা পৰিষদৰ ভিতৰত দন্দুৱাত মাধুৰীমা গোস্বামী,ধৰমতুলত পল্লব বৰদলৈ,মায়ংত ৰিজুমনি মালাকাৰ,জাগী ভকতগাঁওত প্ৰেমাক্ষী দাস আৰু নিজ গেৰুৱাত সঞ্জয় ব্ৰক্ষ্মই জয় লাভ কৰিছে।
ইফালে জাতীয় ঐক্য মঞ্চই বিজেপিৰ লগত মিত্ৰতা কৰি বিজেপিৰ সম্ভাৱনা পূৰ্ণ জিলা পৰিষদ সমষ্টিটোত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ অতিকৈ ঘনিষ্ঠ তথা জাতীয় ঐক্য মঞ্চৰ মুখপাত্ৰ অজিত ডেকা মুখথেকেচা খাবলগীয়া হোৱা ঘটনাই মৰিগাঁও ৰাজনীতিত বিশেষে চৰ্চিত হৈছে।
- Log in to post comments
- 30 views