বিশ্বনাথৰ পৰা ভাস্কৰ দাস
ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাটো গেৰুৱা দলে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জিলা খনৰ মুঠ তেৰটা জিলা পৰিষদ সমষ্টিৰ ভিতৰত বাতৰি লিখা পৰলৈকে মুঠ বাৰটা জিলা পৰিষদৰ ফলাফল জানিব পৰা গৈছে। এই বাৰটা জিলা পৰিষদ সমষ্টিৰ ভিতৰত আটাইকেইটাতে বিজেপি দলে বিজয় সাব্যস্ত কৰে।
জানিব পৰা মতে জিলা খনৰ নাগশংকৰ জিলা পৰিষদত হিতেশ বৰুৱা, চতিয়া জিলা পৰিষদত ধনদা গগৈ, বৰপথাৰ জিলা পৰিষদত প্ৰবীণ হাঞ্চে, পাভৈ জিলা পৰিষদত গায়ত্ৰী কুর্মী, নিজ বিহালী জিলা পৰিষদত দীপিকা দেৱী ঢাকাল, বৰগাংজিলা পৰিষদত ৰঞ্জন জ্যোতি দাস,
মোনাবাৰী জিলা পৰিষদত তৰুণ তাঁতী, জিনজিয়া জিলা পৰিষদত অজয় দাস, হেলেম(ক) জিলা পৰিষদত জোনমণি বসুমতাৰী, হেলেম (খ) জিলা পৰিষদত ৰেণু ভৰালী, লোহিতমুখ জিলা পৰিষদত লক্ষ্য নাথ মিলি আৰু কলাবাৰী জিলা পৰিষদত লাবণ্য চাৰেঙীয়াই জয়লাভ কৰে।
ইফালে জিলা খনৰ মুঠ ৭৬ টা গাওঁ পঞ্চায়তৰ ভিতৰত বিজেপি দলে এতিয়ালৈকে ৭১ খন গাওঁ পঞ্চায়তত বিজয় সাব্যস্ত কৰাৰ লগতে কংগ্ৰেছ দলে তিনিখন আৰু বিপিএফ দলে ১ খন গাওঁ পঞ্চায়ত নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।
সেইদৰে জিলা খনৰ মুঠ ৭৬ টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ভিতৰত বিজেপি দলে ৭০টা, কংগ্ৰেছ দলে ৪ টা আৰু অন্যান্যই ১টা পদত জয়লাভ কৰে। ইফালে ৭৬০ টা ৱাৰ্ড সদস্যৰ পদৰ ভিতৰত ৬১২ টা বিজেপিয়ে, ১১২ টা কংগ্ৰেছে, ১৪ টা বিপিএফে, ৬টা অগপই আৰু ৫ টা অন্যান্যই দখল কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 4 views