ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো ভোট গণনাৰ কাম আজি সন্ধিয়াৰ পিছত সামৰণি পৰে ৷ বাতৰি অনুসৰি যমুনামুখ সমষ্টিৰ অন্তৰ্গত ২৪ টা গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ভোট গণনা ১২ ডিচেম্বৰৰ পুৱাৰ পৰা হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আৰম্ভ হয় ৷ যমুনামুখ সমষ্টিৰ ২৪ খন গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত ফলাফল আনুষ্ঠানিকভাবে ঘোষণা কৰা হয় ৷
২৪ খন পঞ্চায়তৰ সৰহ সংখ্যক গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ দলে নিজৰ দখললৈ নিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, যমুনামুখ সমষ্টিৰ অন্তৰ্গত ডবকা, নীলবাগান, মোৰাঝাৰ আৰু চৌধুৰী বজাৰ জিলা পৰিষদ আসন কেইখনত ক্ৰমে নুৰ আহমেদ, নেৱাজ উদ্দিন চৌধুৰী, ৰেজিয়া চুলতানা আৰু কামাল উদ্দিন ফাৰুকীয়ে জয়লাভ কৰে ৷
জিলা পৰিষদত জয়লাভ কৰা চাৰিওজন প্ৰাৰ্থীয়েই কংগ্ৰেছ দলৰ ৷ ডবকা জিলা পৰিষদৰ অন্তৰ্গত যমুনামুখ গাওঁ পঞ্চায়তত সভাপতি পদত বিজেপি দলৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ নগঞাপাম গাওঁ পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছেই জয়লাভ কৰে ৷
বালিৰাম, চাৰ্লক আৰু ভেলৌগুৰি গাওঁ পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ চাংমাজি গাওঁ পঞ্চায়তত সভানেত্ৰী পদত মিনাক্ষী বাগলাৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ প্ৰাৰ্থী ফৰিজ আহমেদ লস্কৰে জয়লাভ কৰে ৷ একেখন জিলা পৰিষদৰ অন্তৰ্গত ডবকা গাওঁ পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ নীলবাগান জিলা পৰিষদৰ অন্তৰ্গত সুতাৰগাওঁ, নমাটি, নীলবাগান গাওঁ পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷
একেদৰে আকাশীগংগা গাওঁ পঞ্চায়তত সভাপতি আৰু কাউন্সিলৰ পদত এআইইউডিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ যমুনা গাঁও পঞ্চায়ত আৰু আমবাৰী গাওঁ পঞ্চায়তত সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ মোৰাঝাৰ জিলা পৰিষদৰ অন্তৰ্গত জয়নগৰ, অকচেক পথাৰ, কপাহবাৰী গাওঁ পঞ্চায়তত সভাপতি, কাউন্সিলৰ দুয়োটা পদতেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয় সাব্যস্ত কৰে ৷
একেখন জিলা পৰিষদৰ অন্তৰ্গত বৰহাওৰ গাওঁ পঞ্চায়তত সভাপতি পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ মোৰাঝাৰ গাওঁ পঞ্চায়তত সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে স্থানীয় সৰবৰহী যুৱক, সাংবাদিক হিফজুৰ ৰহমান আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷
চৌধুৰী বজাৰ জিলা পৰিষদৰ অন্তৰ্গত বুৰুংগাতলি, চৌধুৰী বজাৰ, চাৰিং পথাৰ, চামৰআলি আৰু বৰবালি গাওঁ পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ তাৰ বিপৰীতে কৰৈউনি গাওঁ পঞ্চায়তত সভাপতি আৰু কাউন্সিলৰ পদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷
আজি ঘোষিত হোৱা ২৪ খন গাওঁ পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছে ১৭ খনত, এআইইউডিএফে ১ খন, অগপই ২ খন, নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসনত জয়লাভ কৰে ৷ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছে ২০ খনত, অগপই ২ খনত আৰু এআইইউডিএফে ২ খন আসনতেই সন্তুষ্ট থাকিবলীয়া হয় ৷ যমুনামুখ সমষ্টিৰ চাৰিওখন জিলা পৰিষদ পূৰ্বে এআইইউডিএফ দলৰ দখলত আছিল ৷
বিগত পঞ্চায়তী কাৰ্যকালত এআইইউডিএফৰ পঞ্চায়ত প্ৰতিনিধিসকলে চৰকাৰী আঁচনিত ব্যাপক হাৰত দুৰ্নীতি-অনিয়ম সংঘটিত কৰিছিল ৷ এইসকল দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধিৰ বিৰুদ্ধে দলটো বা দলৰ শীৰ্ষ মহলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এআইইউডিএফক ৰাইজে পঞ্চায়ত নিৰ্বাচনত এশিকনি দিয়ে ৷
ফলত বদৰুদ্দিন আজমলে সঘনাই গৃহ সমষ্টি বুলি দম্ভালি মাৰি ফুৰা সমষ্টিটোৰ লগতে হোজাই জিলাত এআইইউডিএফে বেয়াকৈ মুখথেকেচা খায় ৷ উল্লেখ্য যে, যমুনামুখ সমষ্টিত চাৰিটা জিলা পৰিষদৰ চাৰিটাতেই কংগ্ৰেছ দল জয়ী হৈ সমষ্টিটোৰ চৌদিশে বিজয় উল্লাস কৰে ৷
- Log in to post comments
- 22 views