লাহৰীঘাটৰ তুলসীবড়ী গাঁও পঞ্চায়তত অগপৰ বৃহৎ জয়

ৌ

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

৮১নং লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসীবড়ী গাঁও পঞ্চায়তত অগপ দলৰ বৃহৎ জয় । সভাপতি, আঞ্চলিক সদস্যৰ লগতে ৬টাকৈ ৱাৰ্ডত অগপ দলৰ প্ৰাৰ্থীৰ বৃহৎ জয়। উল্লেখ্য যে লাহৰীঘাট সমষ্টিৰ এটা অন্যতম বান-গৰাখহনীয়া গ্ৰস্থ গাঁও পঞ্চায়ত তুলসীবড়ী গাঁও পঞ্চায়ত। বান-গৰাখহনীয়াৰ সময়ত বাননিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্তই কেইবাবাৰু খহনীয়া গ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰাৰ লগতে তুলসীবড়ী গাওঁ পঞ্চায়তত অগপ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীক ৰাইজে বিজয়ী কৰালে  অঞ্চলটোৰ বান গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ  কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে নৱ নিৰ্বাচিত সভাপতিগৰাকীয়েও বাননিয়ন্ত্ৰণ মন্ত্ৰী গৰাকীৰ ওচৰত অঞ্চলটোৰ  গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী জনাব বুলি কয় লগতে কয় যে  চৰকাৰী ফালৰ পৰা অহা ধনৰাশি ৰাইজৰ স্বাৰ্থত সঠিক কামত ব্যায় কৰা হ’ব। মন্ত্ৰীগৰাকীৰ কথাত ৰাইজে আশ্বস্ত হৈ বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰালে  অগপ দলৰ প্ৰাৰ্থীসকলক এতিয়া প্ৰশ্ন  হয় ? মন্ত্ৰী গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি  বাস্তৱত কিমান ৰূপায়িত হ’ব হেয়া সময়ত হে লক্ষণীয় হ’ব।

Your Comments