বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত যোৱা ৯ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাইলৈ পুৱাৰে পৰা বঙাইগাঁও কলেজত অনুষ্ঠিত হ'ব ৷ ভোট গণনাৰ সময়ছোৱাত দুস্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ দুস্কাৰ্য বা ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে বঙাইগাঁও জিলা দণ্ডাধীশে ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। বঙাইগাঁও জিলা দণ্ডাধীশে ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি ভোট গণনা কেন্দ্রৰ ৫০০মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো লোকে অস্ত্ৰ- শস্ত্ৰ লগত লৈ আনকি অনুজ্ঞা-পত্ৰ থকা অস্ত্ৰ-শস্ত্ৰ লৈও ঘুৰি ফুৰিব নোৱাৰিব ।
সেইদৰে কোনো লোকে লাঠি, তৰোৱাল, জোং আদি লৈও এই নিৰ্দিষ্ট এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব । একেদৰে বিদ্বেষ বিয়োপিৱা প'ষ্টাৰ লগাব নোৱাৰিব ৷ আৰু উৰা বাতৰি বিয়োপাব নোৱাৰিব ৷ সেনাবাহিনীৰ লোকে পিন্ধা ইউনিফৰ্ম সাধাৰণ লোকে পিন্ধি ফুৰিব নোৱাৰিব । এই নিষেধাজ্ঞা উলংঘা কৰা লোকে ১৮৮ ধাৰাৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াই প্ৰদান কৰা বিজ্ঞপ্তিত প্ৰকাশ ।
- Log in to post comments
- 19 views