বঙাইগাঁও জিলাত কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হোৱা ভোটদানৰ হাৰে ভোটাৰ ৰাইজে বিপুল সঁহাৰি জনোৱাটো প্ৰমাণিত হৈছে ৷ উল্লেখ্য যে কে'বাটাও ভোট গ্ৰহণ কেন্দ্ৰত নিশা বহু দেৰিলৈকে ভোটগ্ৰহণ চলি থাকে ।
জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, জিলাখনৰ অন্তৰ্গত বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত শতকৰা ৮৩.৫৪ শতাংশ ভোটদান হয় ৷
আনহাতে, উত্তৰ শালমাৰা মহকুমাত ৮৫.৩৪ শতাংশ ভোটদান হয় ৷ উল্লেখ্য যে জিলাখনত কালি ১২খন জিলা পৰিষদ সদস্যৰ আসন, ৬৫খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন, ৬৫খন গাঁও পঞ্চায়তৰ সভাপতিৰ আসনৰ লগতে ৬২৮খন গাঁও পঞ্চায়ত সদস্যৰ আসনৰ বাবে ২,৩৯০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷
এই প্ৰাৰ্থীসকলৰ ভাগ্য অহা ১২ ডিচেম্বৰত ভোট গণনাৰ দিনা নিৰূপণ হ'ব । ইপিনে ১২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা ভোট গণনাৰ বাবে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াই সকলো প্ৰস্তুতি চলাইছে ৷
- Log in to post comments
- 6 views