ষ্ট্ৰংৰূমত বন্দী হ'ল বঙাইগাঁও-মাণিকপুৰ মহকুমাৰ ১,০০৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ষ্ট্ৰংৰূমত বন্দী হ'ল বঙাইগাঁও-মাণিকপুৰ মহকুমাৰ ১,০০৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ৰাজ্যখনৰ আন ৯খন জিলাৰ লগতে আজি বঙাইগাঁও জিলাতো পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ৷ জিলাখনৰ অন্তৰ্গত বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ পৰ্ব দুই-এটা সৰু-সুৰা ঘটনাক বাদ দি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৷

জিলাখনৰ অন্তৰ্গত বঙাইগাঁও মহকুমাৰ ১৬০টা আৰু মাণিকপুৰ মহকুমাৰ ১২৯টা ভোট কেন্দ্ৰসহ দুই মহকুমাৰ মুঠ ২৮৯টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাৰ ৭খন জিলা পৰিষদ সদস্যৰ আসনৰ বিপৰীতে ২৯গৰাকী, ২৮খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে ১০৩গৰাকী আৰু ২৮ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ১০২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

আনহাতে, গাঁও পঞ্চায়তৰ ২৬৭খন সদস্য পদৰ আসনৰ বাবে ৭৭২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ গাঁও পঞ্চায়ত সদস্যৰ আসন মুঠ ২৮০খন যদিও ইয়াৰে ভিতৰত ১৩খন আসনৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷

আজিৰ ভোট গ্ৰহণৰ জৰিয়তে মহকুমা দুটাৰ মুঠ ১,০০৬গৰাকী পঞ্চায়ত প্ৰাৰ্থীৰ ভাগ্য বেলট পেপাৰৰ জৰিয়তে ষ্ট্ৰংৰূমত বন্দী হয় ৷ ভোট গ্ৰহণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিচত বেলট বাকছসমূহ কঠোৰ নিৰাপত্তাৰ মাজেৰে বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী ষ্ট্ৰংৰূমলৈ আনি মজুত কৰি ৰখা হয় ৷

ইপিনে কেবাটাও ভোট গ্ৰহণ কেন্দ্ৰত আৱেলি ৩ বজাৰ পিচতো ভোট দান হয় ৷ ভোটাৰৰ সংখ্যা অধিক হোৱাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলৰ কামৰ লেহেমীয়া গতিৰ বাবেই নিশালৈকে চলে ভোট গ্ৰহণ ৷

তিনি বজাৰ পিচতে ভোট গ্ৰহণ কেন্দ্ৰৰ বিষয়াসকলে ভোট দান কৰিবলৈ আহি শাৰীপাতি ৰৈ থকা ভোটাৰসকলৰ হাতত শ্লীপ দিবলগীয়া হয়, যাতে নিৰ্ধাৰিত সময়ৰ পিচত অহা লোকে ভোটদান কৰিব নোৱাৰে ৷ 

Your Comments