হোজাইত ১২টা জিলা পৰিষদৰ ২,৫৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী বেলট বাকচত

হোজাইত ১২টা জিলা পৰিষদৰ ২,৫৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী বেলট বাকচত

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ৷

সৰু-সুৰা দুই-এক বিক্ষিপ্ত ঘটনাৰ বাদে জিলাখনত শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১২টা জিলা পৰিষদ সমষ্টিত মুঠ ৪১গৰাকী, গাঁও পঞ্চায়ত ৱাৰ্ড সদস্য পদত মুঠ ২,০৫০গৰাকী, পঞ্চায়ত সভাপতি পদত ২৩১গৰাকী আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা ২২১গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকচত বন্দী হয় ৷

জিলাখনত এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে ৭০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ কে'বাটাও ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী থকাত নিশালৈ চলি থাকিব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷

সেয়ে কিমান শতাংশ ভোটাৰে ভোট প্ৰদান কৰিলে তাৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জিলা নিৰ্বাচনী বিষয়া পংকজ ডেকাই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে হোজাই জিলাত আজি পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজত মুঠ ৭১৫টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷

তাৰবাবে জিলা প্ৰশাসনে ৪০০০ হাজাৰ বিষয়া-কৰ্মচাৰীক নিয়োগ কৰে ৷ হোজাই জিলাত ২৭০টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৮৯টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ বিবেচনা কৰি সেইমতে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ বন্দৱস্ত কৰে ৷

পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ আটাইকেইগৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকচত বন্দী ৷ ১২ ডিচেম্বৰত ফলাফল ঘোষণা হ'ব ৷ ফলাফলে নিৰ্ণয় কৰিব বহু প্ৰাৰ্থীৰ ভাগ্য ৷

Your Comments