বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথ জিলাৰ বিশ্বনাথ সদৰ আৰু গহপুৰ মহকুমাৰ মুঠ ৩টা ভোট কেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্ৰহণ কৰা হ’ব । বিশ্বনাথ সদৰ মহকুমাৰ পাভৈ জিলা পৰিষদৰ অধীনৰ মুখৰগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত ২/১১ নং গোপসাধাৰু কছাৰী লাইন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত কালি অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণ অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে।
একেদৰে গহপুৰ মহকুমাৰ কলাবাৰী জিলা পৰিষদৰ অধীনৰ পূব-ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭/৭৬ পূব-ডুবিয়া প্ৰাথমিক বিদ্যালয় (উত্তৰ) আৰু পূব-কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭/৭৩ হাৱাজান হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত ভোট গ্ৰহণো বাতিল কৰা হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটগ্ৰহণ কেন্দ্ৰকেইটাৰ অধীনৰসমূহ ভোটদাতাক কাইলৈ সুকলমে ভোটদান কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।
আনহাতে, ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ভোটকেন্দ্ৰকেইটাৰ অধীনৰ সংশ্লিষ্ট এলেকাত প্ৰশাসনে আজি বিয়লিৰে পৰা কাইলৈ ভোটগ্ৰহণ কাৰ্য সমাপ্ত নোহোৱালৈকে ড্ৰাই-ডে হিচাপে ঘোষণা কৰিছে । এই সময়ছোৱাত নিৰ্দিষ্ট এলেকাসমূহত সুৰা আৰু অন্যান্য নিচাযুক্ত সামগ্ৰীৰ সেৱন, মজুতকৰণ আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
এই আদেশ উলংঘাকাৰীসকল অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত দণ্ডনীয় হ’ব বুলি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই জানিবলৈ দিছে।
- Log in to post comments
- 5 views