মৰিগাঁও জিলাত ৭৯.৮৭ শতাংশ ভোটদান : শান্তি পূৰ্ণ নিৰ্বাচনৰ বাবে ৰাইজলৈ ধন্যবাদ জিলা প্ৰশাসনৰ

a

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মৰিগাঁও জিলাত কালি অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত মুঠ ৭৯.৮৯ শতাংশ ভোটাৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে । মৰিগাঁও জিলা প্ৰশাসনে আজি এই কথা প্ৰকাশ কৰিছে । মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ হৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তাত কয় জিলাখনত ১৩টা জিলা পৰিষদ সমষ্টি আৰু ৮৫টা গাওঁ পঞ্চায়তৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন প্ৰক্ৰিয়াটো আছিল সম্পুৰ্ণ শান্তিপূৰ্ণ।

তদুপৰি নিৰ্বাচনী প্ৰক্ৰিয়াত এক নতুনত্ব আনিবলৈ জিলাখনৰ ৯টা ভোটগ্ৰহণ কেন্দ্রত মহিলা কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষেত্ৰতো জিলা প্ৰশাসন সফল হোৱা বুলি উল্লেখ কৰিছে। ইফালে জিলাখনৰ সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত কৰ্মচাৰীসকলে আগবঢ়োৱা অক্লান্ত শ্ৰম আৰু শান্তি শৃংখলা বৰ্তাই ৰখাত ৰাইজে সম্পুৰ্ণ ৰূপে জিলা প্ৰশাসনক সহযোগিতা আগবঢ়োৱাত মৰিগাঁওবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত ঋতুৰাজ বৰাই।

Your Comments