নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত কালি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খন দীৰ্ঘদিন সেৱা আগবঢ়োৱাই যোৱা ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰা আৰবী শিক্ষক কামাল উদ্দিনক আনুষ্ঠানিকভাৱে বিদাই সম্ভাষণ জনায় ।প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষকজনক এখন গামোচা, এখন চেলেং চাদৰ, শৰাই, ফুলৰ থোপা, ধৰ্মপুথি, এটি ছাতি আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনায় ।
শিক্ষক ৰমনী নাথে আঁত ধৰা বিদায় সভাখনত জ্যেষ্ঠ শিক্ষক অনন্ত ডেকা , গগন বৈশ্যকে ধৰি কেইবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰীয়ে অৱসৰী শিক্ষক গৰাকীৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ একতা সভাৰ সম্পাদক চিন্ময় ডেকা আৰু কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাষণৰ জৰিয়তে শিক্ষক গৰাকীৰ লগত থকা মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰে ।
১৯৮৩ চনত দৌলাশাল হাইস্কুলত আৰবী শিক্ষক হিচাপে যোগদান কৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক কামাল উদ্দিনে ভাষণ প্ৰসংগত সুদীৰ্ঘ পয়ত্ৰিশ বছৰৰ অভিজ্ঞতা বৰ্ণনা কৰি আৱেগিক হৈ পৰে । সভাৰ শেষত অৱসৰী শিক্ষক কামাল উদ্দিনক শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ মাজদিয়াৰ গৰেমাৰীস্থিত বাসগৃহত থৈ আহে ।
- Log in to post comments
- 7 views