বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া গাঁও তথা গৰাখহনীয়াই সবৰ্স্বান্ত কৰা ৰৌমাৰী পাথাৰৰ সমাজ সেৱক লাইব্ৰেৰীৰ ৬৩সংখ্যক বাৰ্ষিক অধিবেশন আৰু সাংস্কৃতিক সন্ধিয়া যোৱা দুই ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় । পুৱা পতাকা উত্তোলন কৰে বাৰ্ষিক অধিবেশন পৰিচালনা সমিতিৰ সভাপতি ছাহজাহান আলী আহমেদে । ইয়াৰ পিছতেই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৬৫৩ নম্বৰ ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰে ।
অধিবেশনথলীৰ মুখ্যদ্বাৰ উদঘাটন কৰে ৰৌমাৰী পাথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক মতিয়াৰ ৰহমানে । দিনৰ ১ বজাৰ পৰা ৰৌমাৰী পাথাৰ গাঁও উন্নয়ন কমিটিৰ সভাপতি আজিম উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ আঁত ধৰে বাৰ্ষিক অধিবেশন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলামে ।
মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে চেঙা ব্লক কংগ্ৰেছৰ সভাপতি লালমামুদ আলী আহমেদ, নিৰ্দিষ্ট বক্তা হিচাপে বৰক্ষেত্ৰী কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা চিৰাজুল হক চৌধুৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সমাজ কৰ্মী জুলহাচ আলীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আনহাতে বিশিষ্ট অতিথি হিচাপে বিৰিণা গোষ্ঠী অসমৰ সভাপতি তথা সাংবাদিক লীলাধৰ পাঠক, সাংবাদিক তথা উদীয়মান কবি তফিকুৰ ৰহমান, আমন্ত্ৰিত অতিথি হিচাপে ৰৌমাৰী পাথাৰস্থিত দানেশ আলী, এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মতিন আলী, বিশিষ্ট সমাজকৰ্মী ক্ৰমে- ৰফিকুল ইছলাম, আক্ৰাম আলী, দৌলাশাল চৌধুৰী পাৰা উন্নয়ন কমিটিৰ সভাপতি অনিল চৌধুৰী উপস্থিত থাকে।
সন্ধিয়া জে কে স্মাৰ্ট একাডেমীৰ শিক্ষক খুৰছেদ আলীয়ে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত জনপ্ৰিয় কন্ঠশিল্পী ইলিজা পাৰবিনে গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে।
- Log in to post comments
- 12 views