মমতাৰ সৈতে আলোচনাত বহিব ৰাহুল

rahul_mamata

মিত্ৰতাৰ ৰাজনীতিয়ে এক নতুন গতি ল’বলৈ আৰম্ভ কৰিছে। ২০১৯ৰ নিৰ্বাচনত ‘মোডী হটাও, দেশ বচাও’ লক্ষ্যৰে কংগ্ৰেছে জোঁট বন্ধনৰ ৰাজনীতিৰ দুৱাৰ মুকলি কৰি দিছে। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰাত আগ্ৰহী বুলি জানিব পৰা গৈছে। দেওবাৰে নতুন দিল্লীত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত সাংবাদিকক এই কথা জানিবলৈ দিয়ে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰেজেৱালাই।

উল্লেখ্য যে, শনিবাৰে ছহিদ দিৱস উদযাপন কৰা সমাবেশত তৃণমূলৰ নেত্ৰী মমতাই কংগ্ৰেছক কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰসঙ্গত নীতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল। কংগ্ৰেছ কাৰ পক্ষত থাকিব, সেই দিশটো স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল মমতাই। দেওবাৰে সেই পথ স্পষ্ট কৰি দিছে ৰাহুল গান্ধীয়ে। জোঁট বন্ধন ৰাজনীতিক গুৰুত্ব দিলেও ৰাহুল গান্ধীয়ে কংগ্ৰেছক অধিক গুৰুত্ব দি আগবাঢ়িব বিচাৰে। কংগ্ৰেছৰ নেতাসকলৰ মতে ১২খন ৰাজ্যত কংগ্ৰেছে অকলেই ১৫০খন আসন লাভ কৰিব পাৰিব।

কংগ্ৰেছ মুখপাত্ৰ সুৰজেৱালাই কয় যে, মমতা বেনাৰ্জী কংগ্ৰেছ ঘৰানাৰ পৰা অহা, গতিকে ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীৰ মাজত আলোচনা হোৱাটো কঠিন কাম নহ’ব। এই ক্ষেত্ৰত কোনো সমস্যা নহয়। মুখপাত্ৰ গৰাকীয়ে জনায় যে ৰাজনীতিত কোনো এটা আলোচনাই চূড়ান্ত আলোচনা বুলি ধৰি লোৱা উচিত নহয়।

কংগ্ৰেছৰ এক সূত্ৰ মতে, ৰাহুল গান্ধীয়ে ইতিমধ্যেই তৃণূলৰ নেত্ৰী মমতাৰ সুত্ৰত সন্মতি প্ৰকাশ কৰিছে। যোৱা ৪০ বছৰে ৰাজ্যসভাৰ উপাধক্ষ্যৰ পদটি কংগ্ৰেছৰ হাতত আছে। ২০১৯ৰ জোঁটবন্ধনৰ ৰাজনীতিৰ স্বাৰ্থত কংগ্ৰেছে এই দায়িত্ব এৰি দিয়াৰ বাবে প্ৰস্তুত বুলিও জানিব পৰা গৈছে। অহা লোকসভা নিৰ্বাচনত ৰাজ্যসমূহত থকা আঞ্চলিক দলৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিব বিচাৰে বুলি ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে।

তৃণমূল কংগ্ৰেছৰ এক সূত্ৰ মতে কিছুদিন পূৰ্বে দিল্লীৰ অন্ধ্ৰপ্ৰদেশ ভৱনত মমতা বেনাৰ্জীয়ে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী তথা টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নৰ সৈতে আলোচনা কৰিছিল। তাৰ পৰাই বহুকেইটা ৰাজনৈতিক দলৰ লগত ফোনত আলোচনা কৰিছিল মমতাই। বঙ্গ ভৱনত ৰাহুল গান্ধীৰ হৈ আহমেদ পেটেলেও মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰে। মমতা বেনাৰ্জীয়ে বিচাৰে যে ৰাজ্যসভাৰ উপাধক্ষ্যৰ পদত তৃণমূলৰ সাংসদ সুখেন্দুশেখৰ ৰায়ক প্ৰাৰ্থী হিচাপে থিয় কৰাব লাগে।

ৰাজ্যসভাৰ মুঠ আসন বৰ্তমান ২৪৫। উপাধ্যক্ষৰ বাবে প্ৰয়োজন ১২৩টা ভোট। এই মুহূৰ্তত ৰাজ্যসভাত কংগ্ৰেছৰ ৫১, তৃণমূলৰ ১৩, সমাজবাদীৰ ১৩, টিডিপিৰ ৪, অন্যান্য দলৰ ১০টা লৈ কংগ্ৰেছৰ সহযোগী বিৰোধীৰ পক্ষত ১১৫খন আসন। এন ডি এৰ হাতত ১০৮খন। নিৰপেক্ষভাৱে থকা বিজেডিৰ ৯, টি আৰ এছৰ ৬ আৰু ওৱাই এছ আৰ কংগ্ৰেছৰ ২খন আসন লৈ ১৭খন আসন। বিৰোধী পক্ষত ১৭খন আহিলে ১১৫+১৭=১২৩ খন আসন হ’ব। মোডী চৰকাৰক পৰাজিত কৰাৰ এক পদক্ষেপ এনেদৰে গ্ৰহণ কৰিব বিচাৰে ৰাহুল গান্ধীয়ে। উপাধ্যক্ষ পদটি সাধাৰণতে সহমতৰ ভিত্তিতেই হয়।

Your Comments