চকাবন্ধ : ৩ দিনতে ১০,০০০ কোটি টকাৰ লোকচান

চকাবন্ধ

অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্ট কংগ্ৰেছে শেহতীয়াকৈ দেশজোৰা চকাবন্ধৰ আহ্বান জনাইছিল। বৰ্তমানেও অব্যাহত থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিণতিত মাত্ৰ ৩ দিনতে সমগ্ৰ দেশখন ১০,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়। লোকচানৰ পৰিমাণ মহাৰাষ্ট্ৰত আন সকলো ৰাজ্যতকৈ বেছি। মহাৰাষ্ট্ৰৰ লোকচান হ’ল ২,০০০ কোটি টকা। স্মৰ্তব্য যে, বিমুদ্ৰাকৰণৰ কু-পৰিণতি, জি এছ টি ব্যৱস্থাৰ নেতিবাচক প্ৰভাৱ, পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি আদিৰ প্ৰতিবাদত সংগঠনটোৱে অনিৰ্দিষ্টকালীন চকাবন্ধৰ আহ্বান জনাইছিল। এই কাৰ্যসূচীয়ে ভয়াবহ সংকটৰ সৃষ্টি কৰাত সংগঠনটোক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আলোচনালৈ মাতে। এই প্ৰসংগত সংগঠনটোৰ অন্যতম শীৰ্ষ নেতা ৰমন খোচলাই কয়, “চৰকাৰে অন্ততঃ নীতিগতভাৱেই আমাৰ দাবীসমূহ মানি লোৱা উচিত।” বিভিন্ন মহলৰ আশংকা- দেশজোৰা এই চকাবন্ধ কাৰ্যসূচী যদি অধিক দীঘলীয়া হয় তেন্তে অভাৱনীয় সংকটৰ গৰাহত পৰিব বিভিন্ন প্ৰান্তৰ জনসাধাৰণ।

Your Comments