সংক্ষিপ্ত খবৰ

সংক্ষিপ্ত খবৰ

* জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাত অসন্তুষ্ট ছয় জনগোষ্ঠীয় সংগঠন৷ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ ১৮ ঘণ্টীয়া অসম বন্ধ ঘোষণা৷

* ৬ বছৰে দৰমহাৰ পৰা বঞ্চিত শিৱসাগৰৰ ১৫৩০গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক৷ ২৬ জুলাইত শিৱসাগৰ পুখুৰীত আত্মহননৰ হুংকাৰ৷

* কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে স্থিতি স্পষ্ট কৰিবলৈ ৰাজনৈতিক দললৈ আহ্বান ‘জাকাছ’ৰ৷

* চতিয়া সমষ্টিৰ প্ৰতিখন গাঁও সেউজীয়া কৰাৰ লক্ষ্য বিধায়ক পদ্ম হাজৰিকাৰ৷ ১০ হেজাৰ নাহৰৰ পুলি সাজু কৰিছে হাজিৰকাই৷

* ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ শ্ৰমিকৰ ন্যূনতম মজুৰি হ’ব দৈনিক ২৪৪.৫৬ টকা৷ ঘণ্টাত ৩০.৫৭ টকা৷ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিৰোধিতা৷

* বকোত অগপৰ নেতা কুমাৰ দীপক দাস- অগপক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি৷ চৰকাৰে ৰাইজক বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিছে৷

* বন বিভাগৰ ছত্ৰছায়াতে কাজিৰঙা ধ্বংসযজ্ঞ৷ প্ৰধান মুখ্য বন সংৰক্ষকক উচ্চতম ন্যায়ালয়ৰ চমন৷

* এন আৰ চি প্ৰসঙ্গত ৰাজনাথ সিং- নাম অন্তৰ্ভুক্ত নোহোৱাসকলক ওজৰ-আপত্তিৰ পূৰ্ণ সুযোগ দিব চৰকাৰে৷

* কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সিদ্ধান্ত৷ ২০১৯ত আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলেৰে নিৰ্বাচনী মিত্ৰতা কৰিব কংগ্ৰেছে৷

* প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিঙৰ আহ্বান- মোডী চৰকাৰে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে স্পষ্ট নীতি ঘোষণা কৰিব লাগে৷ কেৱল আত্মপ্ৰচাৰ, আত্মপ্ৰশংসা আৰু দাম্ভিকতাৰে একো কৰিব নোৱাৰি৷

* ৯ মাহত ভাৰত ৪.৪ নিযুত চাকৰিৰ সৃষ্টি হৈছে৷ এই তথ্য কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ৷ মে’ মাহত সৰ্বাধিকসংখ্যক ৭,৪৩,৬০৮টা পদৰ চাকৰিৰ সৃষ্টি হৈছে৷

* ৰাজহুৱা খণ্ডৰ বেংকৰ ৭৪ শতাংশ এ টি এম আওপুৰণি৷ ইয়াৰ ফলত জালিয়াতিৰ দৰে ঘটনা হ’ব পাৰে৷ এইক্ষেত্ৰত সতৰ্ক হৈ পৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক৷

* দেশত খালী হৈ আছে ভাৰতীয় প্ৰাশসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ ২৪০০টা পদ৷

* প্ৰশ্ন উত্থাপন কৰি বহু সাংসদ লোকসভা আৰু ৰাজ্যসভাত উপস্থিত নাথাকে৷ অসন্তুষ্ট ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু৷

 

Your Comments