আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হ'ব লাগিব মানৱ সমাজ । ছাত্ৰ-ছাত্ৰীক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিলেহে নৈতিকতাৰ ভেটি শক্তিশালী হ'ব আৰু এই বাণীকে সৰোগত কৰি আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰা উদ্বোধন কৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক বিশ্ববিদ্যালয় সপ্তাহ সমাৰোহ উপলক্ষ্যে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ সৰ্থেবাৰী অঞ্চলতে পৰিভ্ৰমণ কৰি এক বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন প্ৰতিকী চিত্ৰ প্ৰদৰ্শন কৰা এই সমদলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা আদিৰ বিৰোধিতাৰে প্ৰতিকী শোভাযাত্ৰা উলিওৱা হৈছে ।
- Log in to post comments
- 20 views