মঙলদৈত এম ইব্ৰাহিম আলী জন্মশতবৰ্ষৰ সামৰণি

মঙলদৈত এম ইব্ৰাহিম আলী জন্মশতবৰ্ষৰ সামৰণি

দৰং জিলা সাহিত্য সভাৰ সহযোগত, সাহিত্য নগৰ সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যসূচী এম ইব্রাহীম আলী জন্মশতবৰ্ষ সোঁৱৰণি কাঁচিজোন সাহিত্য বঁটা প্রথমবাৰৰ বাবে ৰাজ্যৰ বিশিষ্টা লেখিকা নিবেদিতা বৰাক প্রদান কৰে ।

গুৱাহাটীৰ বেলতলা নিবাসী নিবেদিতা বৰাৰ ভালেকেইখন অসমীয়া দৈনিক বাতৰিকাকতত প্রবন্ধ প্রকাশ পোৱাৰ লগতে ১৯৯৮ চনত গল্পপুথি 'অনুভূতি' প্রকাশ কৰি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

১৯৮৪ চনত পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগত যোগদান কৰি ১৯৮৬ চনত সেই চাকৰি ইস্তফা দি বৰাই দৰঙৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া হিচাপে যোগদান কৰি বৰ্তমান অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ গণিত বিভাগত কৰ্মৰত ।

অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি ইদ্রিছ আলীয়ে আঁতধৰা বঁটা প্রদান অনুষ্ঠানটিত বঁটা প্রদান কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ।

Your Comments