নাৰ্ছৰ কৰ্মবিৰতি : দৰঙত অচল চিকিৎসালয়

নাৰ্ছৰ কৰ্মবিৰতি : দৰঙত অচল চিকিৎসালয়

নাৰ্ছসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম নাৰ্ছ সন্থাৰ আহ্বানমৰ্মে আজি দৰং জিলাৰ ষ্টাফ নাৰ্ছসকলে মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত পুৱা ৭.৩০ বজাৰ পৰা সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে ।

জিলাখনত কৰ্মৰত শতাধিক নাৰ্ছৰ অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতিৰ ফলত জিলাখনৰ চিকিৎসালয়সমূহ প্ৰায় অচল হৈ পৰে । নাৰ্ছ সন্থাৰ মঙলদৈ শাখাৰ সভানেত্ৰী গুঞ্জলতা দেৱী আৰু সম্পাদিকা দুলুমণি বৰুৱাৰ নেতৃত্বত বিয়লি ৪ বজালৈকে ৰূপায়ণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সুৰেন্দ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ নাথ হাজৰিকাই অংশগ্ৰহণ কৰি ষ্টাফ নাৰ্ছসকলৰ আন্দোলনৰ প্ৰতি পৰিষদৰ পূৰ্ণ সমৰ্থন থকাৰ কথা দোহাৰে আৰু নাৰ্ছসকলৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ।

সৰ্বাত্মক কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা নাৰ্ছসকলে চাকৰিৰ সেৱা বিধি প্ৰস্তুত কৰা, একে পদৰ বিপৰীতে একে হাৰত বেতন দিয়া, ষ্টাফ নাৰ্ছৰ পূৰ্বৰ পদ মৰ্যাদা ঘূৰাই দিয়া, সপ্তম দৰমহা আয়োগৰ আৰ অ' পিৰ বিসংগতি দূৰ কৰা আদি দাবী সম্বলিত বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰি ধৰ্ণা দিয়ে ।

Your Comments