চাবুকধৰা জিলা পৰিষদত তুংগত নিৰ্বাচনী প্ৰচাৰ কাৰ্য বিজেপি-কংগ্ৰেছৰ মাজতে মূল যুঁজ

ৌ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
৫ ডিচেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰচাৰ কাৰ্য ক্ৰমাৎ তু্ংগত উঠিছে ৷ দিন-ৰাতি একাকাৰ কৰি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰাৰ বাবে অবলম্বন কৰিছে ন-ন পন্থা । বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা জিলা পৰিষদত সম্প্ৰতি বিজেপি দলে চলাইছে মাৰাথান প্ৰচাৰ অভিযান। বৰচিলা, পাঘালী, ভকতগাঁও, শিলপুখুৰী আৰু চাবুকধৰা-এই পাঁচটা পঞ্চায়েতেৰে গঠিত জিলা পৰিষদ সমষ্টিটোত নিৰ্বাচনী ৰণলৈ কঁকালত টঙালি বান্ধিছে বিজেপিৰ তৃণমূল নেতা-কৰ্মীয়ে ।

সমষ্টিটোৰ পৰা বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা দলৰ নিকা ভাৱমূৰ্তিৰ তথা সক্ৰিয় যুৱ নেত্ৰী অঞ্জু দাসে ভোটাৰ ৰাইজৰ আশীষ বিছাৰি ঘৰে ঘৰে গৈ প্ৰচাৰকাৰ্য চলাইছে। বিভিন্ন জাতি, ধৰ্মৰ লোকে বসবাস কৰা জিলা পৰিষদ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৩৯,৫৮৯ ৷ ইয়াৰে পাঘালী পঞ্চায়তত সৰ্বাধিক ১১,৭৩৫ গৰাকী ভোটাৰ থকাৰ বিপৰীতে চাবুকধৰা পঞ্চায়তত সৰ্বনিম্ন ৬৪১২ গৰাকী ভোটাৰ আছে ৷

আনহাতে সমষ্টিটোত উক্ত জিলা পৰিষদৰ সদস্য পদৰ বাবে কংগ্ৰেছ দলৰ পৰা মনিষা বৰদলৈ আৰু অগপ দলৰ পৰা চেনিমাই ফুকনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ মুলত: বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজতেই এক তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে যদিও বৰ্তমানলৈকে যুঁজখনত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী আগবাঢ়ি থকাটো পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে, জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত এলেকাত বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকাই কৰা উন্নয়নমূলক কাম-কাজে ৰাইজৰ মাজত এক ইতিবাচক চৰ্চা-বৰ্তাই ৰাখিছে । তদুপৰি বিগত বিধানসভা নিৰ্বাচনত জিলা পৰিষদটোৰ ৫টা পঞ্চায়তৰ চাৰিটাতে বিজেপি দলে লাভ কৰিছিল সংখ্যাগৰিষ্ঠ ভোট । অৱশ্যে সমষ্টিটোৰ ভোটাৰ ৰাইজে কোন দলৰ প্ৰাৰ্থীক নিৰ্বাচিত সেয়া সময়তহে লক্ষণীয় হ'ব ।  

Your Comments