পশ্চিমবঙ্গৰ ৩০ খন আসনত চকু বিজেপিৰ

bjp-wb

পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্ব্বাচনৰ পূৰ্ৱে বিজেপিয়ে ঘোষনা কৰিছিল,২০১৯ ত ৰাজ্যখনৰ ২২খন লোকসভাৰ আসন লাভ কৰিব । গেৰুৱা দলটোৱে আনকি সমষ্টিসমূহৰনামো ঘোষনা কৰিছিল। লক্ষণীয়ভাৱে পঞ্চায়ত নিৰ্ব্বাচনৰ ফলাফলৰ পিচত বিজেপিয়ে ২২খনৰ পৰিৱত্তে ৩৫ খন আসন লাভ কৰিব বুলি দাবী কৰিছে । ৰাজ্যখনত হোৱা উপ নিৰ্ব্বাচনত তৃণমূলে লাভ কৰিছে ৫৬ শতাংশ ভোট,বিজেপিয়ে ৩২শতাংশ। ৰাজ্যখনৰ ৰাজনীতিত সম্প্ৰতি বিজেপি দ্বিতীয় স্থানত আছে । পঞ্চায়ত নিৰ্ব্বাচনত বিজেপিয়ে ২৪শতাংশ ভোট লাভ কৰাৰ বিপৰীতে তৃণমূলে লাভ কৰিছিল ৪২ শতাংশ ,বাওঁ শক্তিয়ে ১০ শতাংশ আৰু কংগ্ৰেছে ১শতাংশ। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে পশ্চিমবঙ্গত বিজেপিয়ে দাবী কৰা অনুসৰি আসন দখল কৰাটো অসম্ভৱ।

Your Comments