নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত সন্ধিয়া অসম গণ পৰিষদৰ এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । দৌলাশাল জিলা পৰিষদৰ দলীয় মুখ্য কাৰ্যালয়টো উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা অগপৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনে । এই উদ্দেশ্যে আয়োজিত উদ্বোধনী সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ অগপ কৰ্মী বীৰেণ কলিতাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে নৱজ্যোতি হালৈয়ে । উদ্বোধনী ভাষণত নুৰুল হুছেইনে শাসকীয় মিত্ৰদল বিজেপিৰ ভূমিকাক সমালোচনা কৰি অসমীয়া জাতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপিৰ স্থিতিক লৈ ৰাইজ ক্ষুদ্ধ হৈ আছে বুলি দোহাৰে আৰু অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰে ।
এই ক্ষেত্ৰত আঞ্চলিক দলটোক অসমৰ ৰাইজে আস্থাত লৈছে যাৰ বাবে পঞ্চায়ত নিৰ্বাচনত অগপই ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও ভাষণত দোহাৰে । কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে যাৰ বাবে ৰাইজে দলটোক যোৱাটো নিৰ্বাচনত প্ৰত্যাখ্যান কৰিছিল বুলি উল্লেখ কৰি সমাগত পঞ্চায়ত নিৰ্বাচনতো দলটোৱে মুখথেকেচা খাব বুলি ভাষণ প্ৰসংগত তেওঁ দাবী কৰে ।
সভাত উপস্থিত থাকি ছহিদ পৰিয়ালৰ সদস্য মানিক আলীয়ে অগপ দলৰ ওপৰত বিশ্বাস ৰাখিবলৈ ৰাইজক আহ্বান জনায় । উক্ত সভাত অগপ দলৰ পৰা সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰক্ষেপিত দৌলাশাল জিলা পৰিষদৰ অন্তৰ্গত কেইবাগৰাকীও দলীয় প্ৰাৰ্থী উপস্থিত থাকে ।
জিলা পৰিষদৰ প্ৰাৰ্থী জগদাচৰণ তালুকদাৰে ভাষণ প্ৰসংগত জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ অগপ দল বদ্ধপৰিকৰ বুলি উল্লেখ কৰি জাতিৰ স্বাৰ্থত অগপ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ।
- Log in to post comments
- 8 views