সম্প্ৰতি বৰক্ষেত্ৰীত অব্যাহত আছে কংগ্ৰেছ দলৰ খহনীয়া । কংগ্ৰেছ দল এৰি স্বতঃস্ফূৰ্তভাৱে কৰা বিজেপি গমণে স্বাভাৱিকতে শংকিত কৰি তুলিছে বৰক্ষেত্ৰীৰ কংগ্ৰেছ শিৱিৰ । লক্ষণীয়ভাৱে যোৱা ২০ নৱেম্বৰত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ লাৰকুছিৰ সহস্ৰাধিক কংগ্ৰেছৰ সমৰ্থকে কংগ্ৰেছ শিৱিৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এদিন পিছতে কালি পুনৰ দৌলাশাল-লাৰকুছি পঞ্চায়তৰ অন্তৰ্গত নদিয়া-পেৰাধৰা চৰৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কৰ্যই কাৰ্যতঃ বৰক্ষেত্ৰী কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
পেৰাধৰা চৰৰ বৃহস্পতিবৰীয়া বজাৰ প্ৰাঙ্গণত তাহেৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত কালি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সম্পাদক ফখৰুদ্দিন আলী আহমেদ আৰু দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ বুথ কমিটিৰ সভাপতি ছামচুল হ'কৰ নেতৃত্বত স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ সমৰ্থকে বিজেপি দলত যোগদান কৰে । বিধায়ক গৰাকীয়ে বিজেপিৰ প্ৰতীক চিহ্নযুক্ত মাফলাৰেৰে আটাইকে দললৈ আদৰণি জনায় ।
প্ৰণিধানযোগ্য যে বিগত ১৫ বছৰে কংগ্ৰেছ শাসন কালত কৰা স্বজন-তোষণ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, দালালৰ উপদ্ৰৱত, প্ৰৰ্থীত্ব প্ৰদানত দুৰ্নীতিৰ আশ্ৰয় আদিৰ বাবেই কংগ্ৰেছৰ প্ৰতি মোহ ভংগ হৈ ভাৰতীয় জনতা পৰ্টিলৈ ঢাপলি মেলিছে বুলি বিজেপি দলত যোগদানকাৰীসকলে মন্তব্য কৰে । গেৰুৱা দলটোলৈ বৃহৎ সংখ্যক কংগ্ৰেছী সমৰ্থকৰ আগমনে স্বৰূপাৰ্থত দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শ্বাহৰুখ হুছেইন, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী অৰ্চনা কলিতা আৰু দৌলাশাল জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী বিৰাজ মেধিলৈ এক শুভ ইঙ্গিত বহণ কৰিছে । শাসকীয় দলটোৰ এই উত্থানে পঞ্চায়ত নিৰ্বাচনত দলটোক কেনেকৈ লাভান্বিত কৰে সেয়া সময়েহে ক'ব ।
- Log in to post comments
- 6 views