যুযুধান মমতা ! বিজেপিক উৎখাতৰ আহ্বান

mamata

কলকাতা মহানগৰীৰ প্ৰাণকেন্দ্ৰ এছপ্লেনেড (ধৰ্মতলা)ত তৃণমূল কংগ্ৰেছৰ বিশাল সমাবেশত পশ্চিমবঙ্গ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি উদাও আহ্বান জনায়-‘বিজেপি হটাও, দেশ বাচাও’৷ শুক্ৰবাৰে লোকসভাত বিৰোধী দলবোৰে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ভোটত বিজেপি জয়ী হোৱাৰ এদিন পিছতেই কেন্দ্ৰৰ শাসকীয় দলটোলৈ মমতাই প্ৰবল প্ৰত্যাহ্বান জনায়৷ লক্ষাধিক মানুহৰ সমাবেশত মুখ্যমন্ত্ৰী মমতাই কয়, বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰ জৰিয়তে দেশখনলৈ ভয়ংকৰ বিপদ মাতি আনিছে৷ তেওঁ দেশৰ শাসন ক্ষমতাৰ পৰা বিজেপিক বিতাড়ন কৰিবলৈও আহ্বান জনায়৷ তৃণমূলৰ ছহিদ দিৱস উপলক্ষে আয়োজিত ২১ জুলাইৰ এই সমাবেশতে বিজেপিৰ অত্যন্ত প্ৰভাৱশালী নেতা তথা দুবাৰকৈ সাংসদ আৰু প্ৰাক্তন সাংবাদিক চন্দন মিত্ৰই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে৷

mamata

তৃণমূল কংগ্ৰেছত চন্দন মিত্ৰৰ এই যোগদান পশ্চিমবঙ্গ ৰাজ্যিক বিজেপিৰ বাবে এক বৃহৎ আঘাত হিচাপেই বিবেচিত হৈছে৷ চন্দন মিত্ৰৰ উপৰি এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্নেহধন্য ঋতব্ৰত বেনাৰ্জীসহ দুগৰাকী প্ৰাক্তন চি পি আই(এম) সাংসদ, কংগ্ৰেছৰ চাৰিগৰাকী বিধায়ক আৰু চিপিআই(এম)-বিজেপি-কংগ্ৰেছৰ ৫৬ গৰাকী জনপ্ৰতিনিধিয়ে আজি তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ তৃণমূল কংগ্ৰেছত যোগদান কৰা অন্যান্য প্ৰভাৱশালী নেতাসকল হৈছে চিপিএমৰ সাংসদ মইনুল হাছান, কংগ্ৰেছৰ বিধায়ক যথাক্ৰমে আবু তাহেৰ, সমৰ মুখাৰ্জী, ছানিব নাইয়াছমিন, কাউন্সিনৰ নৰেন্দ্ৰ তিৱাৰী আদি তদুপৰি প্ৰতিবেশী ৰাজ্য ঝাৰখণ্ডৰ ৫৬গৰাকী জনপ্ৰতিনিধয়েও আজি ২১ জুলাইৰ ছহিদ দিৱস সমাবেশৰ মঞ্চত উপস্থিত হৈ আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিয়ে৷

উল্লেখ্য যে ১৯৯৩ চনৰ ২১ জুলাইত তদানীন্তণ মুখ্যমন্ত্ৰী জ্যোতি বসুৰ আমোলত তৃণমূলৰ এক সমাবেশত আৰক্ষীয়ে গুলি বৰ্ষণ কৰাত ১৩জন তৃণমূলৰ কৰ্মী নিহত হৈছিল৷ ইয়াৰ পিছৰে পৰা প্ৰতি বছৰে এই দিনটো তৃণমূল কংগ্ৰেছৰ ছহিদ দিৱস হিচাপে পালন কৰি আহিছে৷ কিন্তু এইবাৰ ছহিদ দিৱসৰ সমাবেশ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষনাৰ সমাবেশ হিচাপেই পৰিণত হয়৷ পশ্চিমবঙ্গৰ উপৰি বিভিন্ন ৰাজ্যৰ পৰা তৃণমূল কংগ্ৰেছ কৰ্মীয়ে আজিৰ সমাবেশত যোগ দিয়ে৷সমাবেশত নিৰাপত্তাৰ বাবে ৭ হাজাৰ আৰক্ষী কৰ্মী আৰু কমেও ৪ হাজাৰ স্বেচ্ছাসেৱকক মোতায়েন কৰা হৈছে৷

সমাবেশৰ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰী মমতাই বিজেপি আৰু মোডী চৰকাৰক উদ্দেশ্যি কঠোৰ বাৰ্তা দিয়ে৷ কাৰ্যতঃ আজিৰ এই সমাবেশৰ পৰাই সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ৰণ শিঙা বজাবলৈ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী মমতাই৷ মমতাই কয়, “বিজেপিয়ে কোন ধৰণৰ হিন্দুত্বৰ কথা কয়? বিজেপিয়ে হিন্দু ধৰ্মক অসন্মান কৰিছে৷ তেওঁলোক তৰোৱাল হিন্দু, তালিবানী হিন্দু, হত্যাকাৰী হিন্দু৷ তেওঁলোকে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিছে৷’ মমতাই লগত কয়, আমি হিন্দু নহয় নেকি? হিন্দুত্বৰ প্ৰমাণ-পত্ৰ আমি বিজেপিৰ পৰা ল’ব নালাগে৷ সকলো ধৰণৰ সাম্প্ৰদায়িকতা তালিবানী ব্যৱস্থাক ভাঙি ভাৰতবৰ্ষই আগুৱাই যাব লাগিব৷”

Your Comments