এয়া পৰিয়ালবাদৰ পৰাজয় : অমিত শ্বাহ

amit_saha

সংসদত বিৰোধীয়ে অনা অনাস্থা ভোটত অৱধাৰিতভাৱেই জয়ী হ’ল মোডী চৰকাৰ৷ বিৰোধীৰ পৰাজয়ত উৎফুল্লিত হৈ পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷বিজেপিৰ সভাপতিগৰাকীৰ ভাষাত-এয়া পৰিয়ালবাদৰপৰাজয়৷ উল্লেখ্য,পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছ সততে সমালোচনাৰ সন্মুখীন হয় বিজেপিৰ৷ অনাস্থা প্ৰস্তাৱৰ ফলাফলৰ আলম লৈ অমিত শ্বাহে পুনৰ একেই আক্ৰমণ চলালে কংগ্ৰেছক উদ্দেশ্যি৷ তেওঁ কয়, “অনাস্থা ভোটৰ ফলাফলত এহাতেদি গণতন্ত্ৰৰ জয় হ’ল আৰু আনহাতে পৰিয়ালবাদ তথা গোষ্ঠীবাদৰ পৰাজয় হ’ল৷” কংগ্ৰেছক “অসাংবিধানিক” আখ্যা দি অমিত শ্বাহে কয় যে সংখ্যা গৰিষ্ঠতা অবিহনেই কংগ্ৰেছ আৰু সহযোগীসকলে অনাস্থা প্ৰস্তাৱ আনিছিল৷ এয়া কংগ্ৰেছৰ গণতন্ত্ৰৰ ওপৰত আক্ৰমণৰ পুনৰাবৃত্তি মাত্ৰ৷” ইফালে, অনাস্থা ভোটত জয়ী হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে এন ডি এৰ প্ৰতি লোকসভা আৰু ১২৫ কোটি ভাৰতীয়ৰ পূৰ্ণ আস্থা আছে বুলি দাবী কৰে৷

Your Comments