কয়লা চুৰিৰ বিৰুদ্ধে 'নিয়া'ৰ দ্বাৰা তদন্ত কৰাওক : অপুৰ্ব ভট্টাচাৰ্য

a

সকলো জানিও নিমাত কিয় দুৰ্নীতি বিৰোধী বিজেপি দল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ? চৰকাৰলৈ এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ । আজি ৰাজীৱ ভৱনত এখনি সাংবাদমেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে মাৰ্ঘেৰিটাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু আৰক্ষীৰ সহযোগত কিছুদিন ধৰি কয়লাৰ চোৰাং বেহা চলি আছে । ইয়াৰ ফলত বহুতো শ্ৰমিকৰ মৃত্যু হৈছে ।

ইমানৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লোৱা বুলি দাবী কৰা মুখ্য মন্ত্ৰীগৰাকী আজিও নিমাত কিয় ? এই কয়লা ছিণ্ডিকেটৰ সৈতে মুখ্যমন্ত্ৰীৰ কোনো ঘনিষ্ট উপদেষ্টাৰ আশীৰ্বাদ আছে নেকি বুলি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে প্ৰশ্ন কৰে । সংবাদমেলখনত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে "যদি সাহস আছে তেন্তে মুক্ত কয়লা খননৰ বিৰুদ্ধে আৰু কয়লা চুৰিৰ বিৰুদ্ধে "নিয়া"ৰ দ্বাৰা তদন্ত কৰি অপৰাধীক কঠোৰ শাস্তি বিহক" আনহাতে এ পি এছ চি কেলেংকাৰীৰ কথা উল্লেখ কৰি বিজেপি দলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দুৰ্নীতিৰ সম্ৰাট বুলি অভিহিত কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে যদি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়া দুৰ্নীতিৰ সম্ৰাটেই হয় তেনেহ'লে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰা নাই কিয় ? 

এ পি এছ চি কেলেংকাৰীত জড়িত বিজেপি দলৰ বৰ্তমানৰ ত্ৰাণকৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ বক্তব্য কি, তেওঁৰ বিৰুদ্ধে বিজেপিয়ে পূৰ্বতে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা ললে ? নে বিজেপি দললৈ যোৱা লগে লগে তেওঁ ৰত্নাকৰৰ পৰা বাল্মিকী হ'ল নেকি বুলিও অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই প্ৰশ্ন কৰে ।

সংবাদমেলৰ জৰিয়তে বিজেপি দললৈ সকিয়নি দি তেওঁ কয় যে নিজে কাঁচৰ ঘৰত থাকি আনলৈ শিল দলিয়াব নাপায় । তালিকা দাখিল কৰি কেলেংকাৰীত ইন্ধন যোগোৱা ৰৌ-বৰালিৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত কিয় ?  বিজেপিৰ বিড়াল তপস্বী ভাওঁৰ বিৰুদ্ধে আগন্তুক পঞ্চায়ততে ভুক্তভোগী অসমৰ ৰাইজে এশিকনি দিবলৈ টঙালি বান্ধিছে বুলিও অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই মন্তব্য কৰে ।

Your Comments