বিশ্বনাথত দুৰ্ধৰ্ষ চোৰাং চিকাৰীক দিলে কংগ্ৰেছে টিকট

বিশ্বনাথত১দুৰ্ধৰ্ষ১চোৰাং১চিকাৰীক১দিলে১কংগ্ৰেছে১টিকট

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

সম্প্ৰতি কংগ্ৰেছ দলটোত অপৰাধীৰে ভৰি পৰিছে । ইয়াৰ জ্বলন্ত উদাহৰণ হিচাপে বিশ্বনাথ কংগ্ৰেছে এইবাৰ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক দিছে দলীয় টিকট । বিশ্বনাথৰ চোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত দুৰ্ধৰ্ষ চোৰাং চিকাৰীক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে ।

বিশ্বনাথৰ চোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে গঁড় হত্যাত জড়িত হৈ কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা দিলোৱাৰ হুছেইনক ৷ বিশ্বনাথ আৰু বাগৰিত গোচৰ পঞ্জীয়ন হৈ থকা দিলোৱাৰক এতিয়াও আদালতে ক্লীনশ্বীট দিয়া নাই ।

উল্লেখ্য যে ২০১১ চনৰ কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ কাৱৈমাৰী আৰু ২০১২ চনৰ নাহৰণিৰ গঁড় হত্যাৰ লগত জড়িত হৈ পৰিছিল দিলোৱাৰ হুছেইন । ২০১১ চনত বিশ্বনাথ আৰক্ষী থানাত দিলোৱাৰৰ বিৰুদ্ধে ৩১৬/১১ নম্বৰত এক গোচৰ ৰুজু হৈছিল আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰত বন বিভাগক এই গোচৰৰ পুনৰ তদন্ত কৰিবলৈ আদালতে নিৰ্দেশ দিছিল ।

সেই অনুসৰি বন বিভাগৰ অপৰাধ অনুসন্ধান আঞ্চলিক কাৰ্যালয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত CIR/01নম্বৰত এক গোচৰ ৰুজু কৰি দিলোৱাৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে । ইফালে বাগৰি ৰেঞ্জৰ কাৱৈমাৰীৰ গঁড় হত্যাৰ লগত জড়িত থকাৰ অপৰাধত এতিয়াও বিচাৰ চলি আছে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত ৷

আনহাতে, বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, দিলোৱাৰ হুছেইনে ডিমাপুৰত গড়ৰ খৰ্গ বিক্ৰী কৰি ২০ লাখ টকা লাভ কৰিছিল আৰু ইয়াৰে ১০ লাখ টকা গঁড় হত্যা কৰিবলৈ অনা শ্বুটাৰজনক দিছিল ।

সম্প্ৰতি জামিন লাভ কৰি ন্যায়িক জিম্মাৰ পৰা ওলাই অহা দিলোৱাৰ হুছেইনক এইবেলি বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই টিকট দি বিশ্বনাথৰ ছোৱাগুৰি পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢাবলৈ সুবিধা কৰি দিছে ।

ইতিমধ্যে দিলোৱাৰে মনোনয়ন-পত্ৰ দাখিল কৰাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Your Comments