নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী, মাজুলীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঠখন আঞ্চলিকৰ লগতে জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে শীঘ্ৰে বাতিল কৰাৰ দাবীত আজি সন্ধিয়া মাজুলীৰ বিভিন্ন স্হানৰ লগতে ফুলনি চাৰিআলিত বিশাল জোঁৰ সমদল বাহিৰ কৰে ৷

ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ এই প্ৰতিবাদী সমদলত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, বিদেশী হিন্দু শৰণাৰ্থীক অসমত সংস্হাপন দিব নোৱাৰিব, অবৈধ বিদেশীৰ বোজা গ্ৰহণ কৰা নহ'ব, বিজেপি চৰকাৰ হুচিয়াঁৰ, আমাৰ দাবী মানিবই লাগিব, জয় আই আদি অসম বিভিন্ন শ্লোগানেৰে ফুলনি চাৰিআলিৰ ৰাজপথ উত্তাল কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী, মাজুলীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

ফুলনি হাইস্কুলত এই জোঁৰ সমদল কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞাই শুভ উদ্বোধন কৰাৰ পিছত ফুলনি চাৰিআলিলৈ সমদল কৰি যায় প্ৰতিবাদকাৰীসকলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সন্দৰ্ভত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই কয় যে মুখ্য মন্ত্ৰীগৰাকী অসমীয়া খিলঞ্জীয়াৰ পক্ষত নে অবৈধ বিদেশীৰ পক্ষত ? সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী যিখন জাতিধ্বংসী বিধেয়ক তাৰ বিৰোধিতা কৰিবলৈ সকলো পক্ষৰ ৰাইজক আহ্বান জনায় সম্পাদকগৰাকীয়ে।

অসমৰ সভ্যতা-সংস্কৃতি ধ্বংস কৰিব পৰা সাতামপুৰুষীয়া অসমীয়া সংস্কৃতি ধ্বংস কৰিব পৰা কোনো বিধেয়ক ৰাইজে মানি নলয় বুলি স্পষ্ট কৰি দিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞাই কয় যে বিধেয়ক যদি জোৰজুলুমকৈ অসমত জাঁপি দিবলৈ লয় তেতিয়া কোনেও নিস্তাৰ নাপাব এই কথা স্পষ্ট ।

যি কোনো মূল্যৰ বিনিময়ত বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰিবলৈ আছুসহ ২৮ জনগোষ্ঠীয় সংগঠন প্ৰস্তুত বুলি কয় । সকলোৱে সহায়-সহযোগিতা কৰাৰ বাবে জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক অবিনাশ বৰাই সন্তুষ্টি প্ৰকাশ কৰে ।

Your Comments