কলিয়াবৰত উৎকোচ লওঁতে হাতে-লোটে ধৰা পৰিল লাট মণ্ডল

কলিয়াবৰত১উৎকোচ১লওঁতে১হাতে-লোটে১ধৰা১পৰিল১লাট১মণ্ডল

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

শূন্য সহনশীলতাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি বৰ্তমানেও উপঢৌকন লোৱাৰ এক ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে । ইয়াৰ এক প্ৰতিচ্ছবি আজি কলিয়াবৰত দেখা পোৱা যায় ।

কলিয়াবৰত১উৎকোচ১লওঁতে১হাতে-লোটে১ধৰা১পৰিল১লাট১মণ্ডল

দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ ৰাইজক মাটিৰ নামজাৰি কৰাৰ নামত উৎকোচ লৈ অহা এজন লাট মণ্ডলক আজি কলিয়াবৰৰ কুঁৱৰীটোলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতে এজন ব্যক্তিৰ পৰা উৎকোচ লোৱা অৱস্থাত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়াই হাতে-লোটে আটক কৰে । দুৰ্নীতি নিবাৰক শাখাই আটক কৰা লোকজন কলিয়াবৰৰ ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল প্ৰফুল্ল বৰা ।

https://www.newsasn.com/node/3133

জানিব পৰা মতে, বৰঘূলীৰ নজৰুল ইছলাম নামৰ লোকজনৰ মাটি নামজাৰি কৰাৰ বিনিময়ত  লাট মণ্ডল প্ৰফুল্ল বৰাই ৩০ হাজৰ টকা দাবী কৰিছিল । আজি আগধন হিচাবে ১৫ হাজাৰ টকা লোৱাৰ সময়তে পূৰ্বৰ পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়াবৰ্গই লাট মণ্ডল বৰাক ধনসহ হাতে-লোটে আটক কৰে ।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই মণ্ডলজনৰ পৰা ৪১ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

Your Comments