নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত বিশাল জোঁৰ সমদল 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত বিশাল জোঁৰ সমদল 

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

লোকে লোকাৰণ্য হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয় । গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ২৮টা জাতি-জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে আজি সন্ধিয়া ৫ বজাত গোলাঘাটৰ ৰুদালি পইণ্টত সংগঠনটোৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ লোক একগোট হৈ হাতে হাতে জোঁৰ লৈ নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিলৰ দাবীৰে সমদল উলিয়াই চহৰখনত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত বিশাল জোঁৰ সমদল 

উল্লেখ্য যে সমদলটিত গোলাঘাটৰ সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজু ফুকন, সহকাৰী সম্পাদক মনোৱাৰ হুছেইন, প্ৰাক্তন ছাত্ৰ নেতা দ্বীপেন দত্ত, বিশিষ্ট নাগৰিক তথা সংগীত শিল্পী মানিক বৰাকে প্ৰমুখ্য কৰি গোলাঘাটৰ বিশিষ্ট সমাজে অংশগ্ৰহণ কৰে ।

Your Comments