বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত গৰাইমাৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৃহস্পতিবাৰে পুৱাৰ ভাগত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ গৰাইমাৰীস্থিত পেট্ৰ'ল পাম্পৰ বিপৰীত দিশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিলগত পৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰা মৃত লোকজনৰ বয়স আনুমানিক ৪০ বছৰ হ'ব ৷
উল্লেখ্য যে একাংশ স্থানীয় ৰাইজে পুৱাৰ ভাগত অচিনাক্ত ব্যক্তিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি উত্তৰ বঙাইগাঁও আৰক্ষীক খবৰ দিয়ে । পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি চিনাক্তকৰণৰ বাবে ৭২ ঘন্টাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখিছে । উদ্ধাৰ হোৱা মৃত লোকজন মানসিক বিকাৰগ্ৰস্থ আছিল বুলি ৰাইজে প্ৰকাশ কৰিছে।
- Log in to post comments
- 5 views